
নিউজ ডেস্কঃ বিবাহিত হওক বা অবিবাহিত, সকলো মহিলাৰ গৰ্ভাৱস্থাৰ ২৪ সপ্তাহলৈকে নিৰাপদ আৰু আইনী গৰ্ভপাতৰ অধিকাৰ আছে। -এই গুৰুত্বপূৰ্ণ ৰায় প্ৰদান কৰিছে উচ্চতম ন্যায়ালয়ে।
বৃহস্পতিবাৰে উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুড়, ন্যায়াধীশ জে বি পাৰ্দিৱালা আৰু ন্যায়াধীশ এ বোপান্নাৰ বিচাৰপীঠে গৰ্ভপাত সম্পৰ্কীয় এক আবেদনৰ শুনানি গ্ৰহণৰ সময়ত এই গুৰুত্বপূৰ্ণ ৰায় প্ৰদান কৰে।
শীৰ্ষ আদালতে কয় যে গৰ্ভপাত আইন অনুসৰি বিবাহিত আৰু অবিবাহিত মহিলাৰ মাজত থকা পাৰ্থক্য “কৃত্ৰিম আৰু সাংবিধানিকভাৱে অস্থায়ী” আৰু ই কেৱল বিবাহিত মহিলাইহে যৌন সক্ৰিয় বুলি কোৱা কু-সংস্কাৰক স্থায়ী কৰি ৰাখিছে।
২৩ আগষ্টত বিচাৰপীঠে গৰ্ভাৱস্থাৰ ২৪ সপ্তাহলৈকে গৰ্ভপাতৰ বিষয়টোত বিবাহিত আৰু অবিবাহিত মহিলাৰ মাজত পাৰ্থক্য স্থাপন কৰা এমটিপি আইন বিধানসমূহৰ ব্যাখ্যাৰ ওপৰত নিজৰ ৰায় সংৰক্ষণ কৰি ৰাখিছিল।