বিবাহস্থলীত গুলীচালনা! বিয়াৰ মাংগলিক কাম চলি থকাৰ মাজতে ফুটিল গুলী, লাগিল হুৱাদুৱা…

যোৰহাট নগৰৰ মাজমজিয়াত শনিবাৰে নিশা সংঘটিত হ’ল এক চাঞ্চল্যকৰ ঘটনা।

বিবাহস্থলীত সংঘটিত হ’ল গুলীচালনাৰ ঘটনা।

নগৰৰ জে’লৰোডস্থিত এখন বিবাহথলীত কাজিয়াৰ সূত্ৰপাত হোৱাত এজন যুৱকে লগত লৈ অহা পিষ্টলেৰে শুন্যলৈ গুলীচালনা কৰে।

সৌভাগ্যক্ৰমে এই ঘটনাত কোনো লোক হতাহত হোৱা নাই।

জানিব পৰা মতে, যোৰহাট নগৰৰ জে’লৰোডত শনিবাৰে অনুষ্ঠিত হৈছিল এখন বিয়া।

কিন্তু অপ্ৰত্যাশিতভাৱে দৰা অহাৰ পিছত বিয়াৰ মাংগলিক কামসমূহ আৰম্ভ হোৱাৰ সময়তে ঢোল বজোৱাক কেন্দ্ৰ কৰি দৰা আৰু কইনা উভয় পক্ষৰে একাংশ লোকৰ মাজত সৃষ্টি হয় কাজিয়াৰ।

এই কাজিয়াই চূড়ান্ত ৰূপ লোৱাত প্ৰাংসুমন ভৰালী নামৰ দৰাৰ লগত অহা এজন যুৱকে শূন্যলৈ গুলীচালনা কৰে। ইয়াৰ পিছতে হুৱাদুৱা লাগে বিবাহস্থলীত।

ঘটনাৰ সময়ত বিবাহস্থলীত উপস্থিত আছিল জনপ্ৰিয় গায়িকা প্ৰিয়ংকা ভৰালী।

অৱশেষত আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ এটা .22 পিষ্টল , ১২ জাঁই সজীৱ গুলীসহ আটক কৰে প্ৰাংসুমন ভৰালীক।

আনহাতে, আৰক্ষীয়ে পিষ্টলসহ যুৱকজনক নিশা আটক কৰিছিল যদিও পিষ্টলৰ অনুজ্ঞাপত্ৰ থকা বাবে দেওবাৰে দুপৰীয়া মুকলি কৰি দিয়ে।

আৰক্ষীৰ মতে, যুৱকজনে আত্মৰক্ষাৰ বাবেহে গুলীচালনা কৰিছিল। আনহাতে, ঘটনা সন্দৰ্ভত কোনেও অভিযোগো দিয়া নাই বুলি আৰক্ষীয়ে জানিবলৈ দিছে।

লগতে চাওকঃ

ভাৰতৰ হৰনাজৰ শিৰত মিছ ইউনিভাৰ্ছ ২੦২১ৰ মুকুট

তিনিচুকীয়া ৰে’ল ষ্টেচনত বয়ােজ্যেষ্ঠ লােকৰ প্ৰাণৰক্ষা কৰি প্ৰশংসিত RPF জােৱান

Leave a Comment