
নিউজ ডেস্কঃ বিপদে লগ নেৰা হৈছে তৃণমূল কংগ্ৰেছৰ মুখপাত্ৰ সাকেট গোখলেৰ। এমাহৰ ভিতৰতে চতুৰ্থবাৰৰ বাবে পুনৰ গ্ৰেপ্তাৰ কৰা হ’ল তৃণমূলৰ নেতাগৰাকীক।
ইডিয়ে আৰ্থিক আত্মসাতৰ অভিযোগত আৰক্ষীৰ জিম্মাৰ পৰাই শেহতীয়াকৈ পুনৰ গ্ৰেপ্তাৰ কৰা হয় সাকেটক।
উল্লেখ্য যে, কিছুদিন পূৰ্বে তেওঁক আৰ্থিক প্ৰৱঞ্চনাৰ অভিযোগত গ্ৰেপ্তাৰ কৰিছিল গুজৰাট আৰক্ষীয়ে।
সাকেটৰ হৈ টিএমচিয়ে দাখিল কৰা জামিন আবেদন গুজৰাটৰ স্থানীয় আদালতে নাকচ কৰাৰ পিছতে এইবাৰ ইডিয়ে গ্ৰেপ্তাৰ কৰে তৃণমূলৰ নেতাগৰাকীক।
যোৱা ৫ জানুৱাৰীত তৃতীয়বাৰৰ বাবে গুজৰাট আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল সাকেটক।
দিল্লীৰ বংগ ভৱনৰ পৰা তেওঁক বলপূৰ্বকভাৱে লৈ যোৱা হৈছিল। প্ৰথমে ছ’চিয়েল মিডিয়াত গুজৰাটৰ মৰৱী দুৰ্ঘটনা সম্পৰ্কে ভুৱা তথ্য শ্বেয়াৰ কৰাৰ অপৰাধত গ্ৰেপ্তাৰ হৈছিল। সেই গোচৰত তেওঁ জামিন পাইছিল।
কিন্তু ৫ জানুৱাৰীত তেওঁক আৰ্থিক আত্মসাৎৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হয়। তৃণমূলৰ মুখপাত্ৰগৰাকীয়ে ক্ৰাউডফাণ্ডিঙৰ নামত ধন অপব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন হৈছে।
৫ জানুৱাৰীৰ পৰা আৰক্ষীৰ জিম্মাত আছিল সাকেট। সাকেটৰ জামিন আৱেদন তৃণমূলে দাখিল কৰিছিল যদিও গুজৰাটৰ স্থানীয় আদালতত জামিন মঞ্জুৰ কৰা হোৱা নাছিল।
ৰাজ্যৰ শাসকীয় দলটোৱেও উচ্চ ন্যায়ালয়ত আবেদন জনায়।
বুধবাৰে একেটা অভিযোগতে তৃণমূলৰ মুখপাত্ৰক জেলৰ পৰা গ্ৰেপ্তাৰ কৰে ইডিয়ে।
সূত্ৰ অনুসৰি ইডিয়ে আদালতলৈ গৈ সাকেটৰ জিম্মা ল’বলৈ আবেদন কৰিব।
তৃণমূলৰ মুখপাত্ৰগৰাকীক একাধিক গোচৰত চাৰিবাৰকৈ গ্ৰেপ্তাৰ কৰা হৈছে।
ইয়াৰ পূৰ্বেও তৃণমূলৰ মুখপাত্ৰগৰাকীক কেইবাবাৰো জামিন লাভ কৰা হৈছে।
তৃণমূলৰ সূত্ৰই জনোৱা মতে, এইবাৰো দলটোৱে সাকেটৰ কাষত থিয় দিব। ইডিৰ বিৰুদ্ধেও আইনী ব্যৱস্থা গ্ৰহণ কৰিব তৃণমূলে।
ৰাজনৈতিক প্ৰতিশোধৰ স্বাৰ্থত সাকেটক বাৰে বাৰে টাৰ্গেট কৰা হৈছে বুলি অভিযোগ কৰে তৃণমূল কংগ্ৰেছে।
দৰাচলতে কেন্দ্ৰৰ জনবিৰোধী নীতিৰ বিৰুদ্ধে সৰ্বভাৰতীয় তৃণমূল কংগ্ৰেছে যিদৰে আগবাঢ়িছে তাক লৈ কেন্দ্ৰই আতংকিত হৈ পৰিছে।
ছ’চিয়েল মিডিয়াত কেন্দ্ৰৰ ভুল নীতিৰ প্ৰতিবাদৰ বাবেই সাকেটক টাৰ্গেট কৰা হৈছে বুলি অভিযোগ মমতা বাহিনীৰ।