
নিউজ ডেস্কঃ বিপদত পৰিলে কেতিয়াবা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাইজৰ দললৈ আহিব পাৰে। – এই মন্তব্য শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ।
অখিল গগৈৰ বিজেপিত যোগদানৰ উৰা বাতৰি সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি বিধায়কগৰাকীয়ে কয় যে তেওঁ বিজেপিলৈ যোৱাটো সপোনতো সম্ভৱ নহয়। বিপদত পৰিলে অৱশ্যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ৰাইজৰ দললৈ আহিব পাৰে।
আনহাতে চৰকাৰ হিচাপে সমষ্টিৰ স্বাৰ্থত কেতিয়াবা কিবা আলোচনা হোৱাৰ বাহিৰে বিজেপিৰ সৈতে তেওঁৰ আদৰ্শগত পাৰ্থক্যৰ কেতিয়াও মিল নহয় বুলিও মন্তব্য কৰে অখিল গগৈয়ে।
ইফালে অসমত আপৰ উত্থান সন্দৰ্ভত অখিল গগৈয়ে কয় যে দিল্লীৰ পৰা নিয়ন্ত্ৰিত কোনো ৰাজনৈতিক দলে অসমৰ বিষয়ে চিন্তা কৰিব নোৱাৰে। অসমৰ যদি উন্নয়নৰ চিন্তা কৰিব পাৰে, সেয়া হৈছে কেৱল অসমীয়া আৰু আঞ্চলিক দলে। যোৱা ৭০-৭৫ বছৰে অসমীয়া মানুহে দিল্লীৰ লাডু খাই পস্তাইছে বুলিও মন্তব্য কৰে ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে।