বিনীত বাগাৰিয়া আত্মহত্যাৰ ঘটনাৰ নতুন মোৰ, মূল অভিযুক্ত বাইদুল্লা খানৰ ভগ্নীক গ্ৰেপ্তাৰ…

ৰাজ্যজুৰি চাঞ্চল্যৰ সৃষ্টি কৰা বিনীত বাগাৰিয়া আত্মহত্যাৰ ঘটনাৰ নতুন মোৰ।
মূল অভিযুক্ত বাইদুল্লা খানৰ ভগ্নীক গ্ৰেপ্তাৰ আৰক্ষীৰ।
শনিবাৰে ডিব্ৰুগড় আৰক্ষীয়ে গ্ৰেপ্তাৰ বাইদুল্লা খানৰ ভগ্নী ছাইৰা খানক।
এগৰাকী মহিলাই ধন পৰিশোধ কৰিবলৈ কিডনী বিক্ৰী কৰিবলগীয়া হোৱা ঘটনা সংক্ৰান্তত ডিব্ৰুগড় আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ছাইৰা খানক।
মীনু বেগম নামৰ এগৰাকী মহিলাই অভিযোগ উত্থাপন কৰি সংবাদ মাধ্যমৰ আগত কৈছিল যে, তেওঁ কেইবছৰমান পূৰ্বে বাইদুল্লাৰ পিতৃ আব্দুল্লা খানৰ পৰা টকা ঋণত লৈছিল। কিন্তু ধন পৰিশোধ কৰিবলৈ বিফল হোৱাত ছাইৰা খানে অত্যধিক হেচা প্ৰয়োগ কৰি বিভিন্ন ভয়-ভাবুকি প্ৰদান কৰিছিল।
অৱশেষত উপায়ন্তৰ হৈ মীনু বেগমে ঋণ পৰিশোধ কৰিবলৈ নিজৰ এটা কিডনী বিক্ৰী কৰিছিল বুলি সদৰি কৰিছিল।
ঘটনা সন্দৰ্ভত ২০২০ চনতে ভুক্তভোগী পৰিয়ালটোৱে ডিব্ৰুগড় আৰক্ষীৰ কাষ চাপিছিল যদিও কোনো ব্যৱস্থা গ্ৰহণ কৰা নাছিল বুলি অভিযোগ উত্থাপন হৈছে।
ইয়াৰ পিছতে শনিবাৰে ডিব্ৰুগড় আৰক্ষীয়ে বাইদুল্লা খানৰ ভগ্নী ছাইৰা খানক গ্ৰেপ্তাৰ কৰে।