Mon. Nov 23rd, 2020

নিউজ ডেস্ক। দক্ষিণ কামৰূপত ভূ-মাফিয়া চক্ৰই একাংশ চৰকাৰী গাঁওবুঢ়া তথা লাট মণ্ডলৰ সৈতে গোপন বুজাবুজি কৰি দুখীয়া লোকৰ মাটি দখল নাইবা জালিয়াতিৰে আনক বিক্ৰী কৰা ঘটনা এতিয়াও অব্যাহত আছে।

চৰকাৰ-প্ৰশাসন তথা আইন ব্যৱস্থালৈ ভ্ৰুক্ষেপ নকৰা এই ভূ-মাফিয়া চক্ৰই পূৰ্বৰ কংগ্ৰেছ চৰকাৰৰ দিনৰে পৰা অধিক শক্তিশালী ৰূপত এনে বে-আইনী কাৰ্যকলাপ অব্যাহত ৰাখিছে।

শেহতীয়াকৈ দক্ষিণ কামৰূপৰ কুকুৰমাৰাত এই ভূ-মাফিয়া চক্ৰই এগৰাকী দৰিদ্ৰ বৃদ্ধ বিধৱা মহিলাৰ প্ৰয়াত স্বামীৰ নামত থকা কৃষিভূমি তথা বস্তিৰ মাটিৰ গাঁও বুঢ়া আৰু লাট মণ্ডলৰ সৈতে গোপন বুজাবুজিৰে আনৰ নামত নামজাৰি কৰি বিক্ৰীৰ চক্ৰান্ত ফাদিল হোৱাত অঞ্চলজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

জানিব পৰা মতে, প্ৰমীলা দাস নামৰ মহিলাগৰাকীৰ অজ্ঞাতে তেওঁৰ স্বামী প্ৰয়াত কমলা দাস আৰু মাতৃ প্ৰয়াত ভগ্নেবালাৰ নামত থকা ছয়গাঁও ৰাজহ চক্ৰৰ পান্টান মৌজাৰ অন্তৰ্গত কুকুৰমাৰা গাঁৱৰ ৭৪ নং দাগৰ ২ বিঘা ১ কঠা ১০ লেচা ভূমি জালিয়াতিৰে মহেন্দ্ৰ দাসৰ নামত নামজাৰি হয়।

লগতে দখল অংশীদাৰ সূত্ৰে মহেন্দ্ৰৰ স্থলত এই মাটিখিনি প্ৰণৱ কুমাৰ দাস, বিমল কুমাৰ দাস আৰু কমল কুমাৰ দাসৰ (তিনিওজনৰ পিতাঃ ঁআনন্দী ৰাম দাস)ৰ নামত নামজাৰি হৈ ৩৫৯ নং পট্টালৈ পৃথক পট্টা কৰি নিয়া হয়।

জালিয়াতিয়ে নামজাৰি কৰি উক্ত ভূমি এই চক্ৰটোৱে আনক বিক্ৰীৰ বাবে যোজা চলাওঁতে সমগ্ৰ ঘটনা মাটিৰ প্ৰকৃত গৰাকী প্ৰমীলা দাস (স্বামী-ঁকমলা দাস) ৰ দৃষ্টিগোচৰ হয়।

এই ভয়ংকৰ জালিয়াতিৰ বিষয়ে জানিব পাৰি এই বৃদ্ধ মহিলাগৰাকীয়ে দিশহাৰা হৈ পৰে। উপায় বিহীন দৰিদ্ৰ মহিলাগৰাকীয়ে স্থানীয় গাঁওবুঢ়া জনক দাসৰ কাষ চাপি ওৱাৰিছ প্ৰমাণপত্ৰ আনিবলৈ যায় যদিও ৰহস্যজনকভাৱে গাঁওবুঢ়া গৰাকীয়ে অস্বীকাৰ কৰে।

উল্লেখ্য যে মহেন্দ্ৰ দাসে প্ৰমীলাৰ স্বামী প্ৰয়াত কমলা দাসৰ ভূমিত থকা ঘৰ ভাঙি নিজাকৈ ঘৰ সাজিছে। যাৰ ফলত মহিলাগৰাকীয়ে ঠিকনাবিহীন হৈ অ’ত ত’ত আশ্ৰয় ল’বলৈ বাধ্য হৈছে।

ইপিনে, এই ভূমি জালিয়াতিৰ ঘটনাৰ সৈতে তদানীন্তন লাট মণ্ডল আৰু গাঁওবুঢ়াও জড়িত থকা বুলি মহিলাগৰাকীয়ে অভিযোগ কৰিছে। উপায়ন্তৰ হৈ সমগ্ৰ জালিয়াতিৰ ঘটনা সম্পৰ্কত মহিলাগৰাকীয়ে ছয়গাঁও ৰাজহ চক্ৰৰ বিষয়াৰ লগতে কামৰূপ জিলা আৰক্ষী অধীক্ষকৰ ওচৰত লিখিতভাৱে অভিযোগ দাখিল কৰিছে।

ইতিমধ্যে কামৰূপ আৰক্ষীৰ উৰ্ধতন বিষয়াৰ নিৰ্দেশত কুকুৰমাৰা আৰক্ষীয়ে জালিয়াতিৰ ঘটনাৰ তদন্ত আৰম্ভ কৰিছে।

আৰক্ষীৰ তদন্তৰ উমান লাভ কৰি ভূ-মাফিয়া চক্ৰই থৰকা ছুটি হেৰুৱাই বিভিন্ন পক্ষৰ জৰিয়তে গোচৰ উঠাই ল’বলৈও মহিলাগৰাকীৰ ওপৰত হেঁচা প্ৰয়োগ কৰাৰ অভিযোগ উঠিছে।

প্ৰশ্ন হয়- দৰিদ্ৰ বিধৱা মহিলাগৰাকীৰ ভূমি জালিয়াতিৰ ঘটনাৰ তদন্ত কৰি ভূ-মাফিয়া চক্ৰৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবনে আৰক্ষী-প্ৰশাসনে।