বিধ্বস্ত ৰাজপথ মেৰামতিৰ দাবীত হাতত ৰং তুলিকা লৈ প্ৰতিবাদ সাব্যস্ত এগৰাকী শিল্পীৰ…

এগৰাকী শিল্পীৰ অভিনৱ প্ৰতিবাদ।
বিধ্বস্ত ৰাজপথ মেৰামতিৰ দাবীত হাতত ৰং তুলিকা লৈ ৰাজপথৰ পুখুৰী সদৃশ গাতত নামি কৰিল প্ৰতিবাদ সাব্যস্ত।
বকোৰ চুকুনীয়া পাৰাৰ পৰা নগৰবেৰালৈ যোৱা গড়কাপ্তানি পথচোৱা অতি বিধ্বস্ত হৈ পৰাৰ ফলত যমৰ যাতনাৰ সন্মুখীন হৈছে সাধাৰণ জনতা।

ৰাজপথ বুলি বৰ্তমান সময়ত কোনো চিন মোকামেই নাই, যেন এক বোকাময় পথাৰৰ দশ্যহে, কিয়নো পথৰ মাজত সৃষ্টি হৈছে একো একোটা বৃহৎ পুখুৰী সদৃশ গাট। য’ত আপুনি ইচ্চা কৰিলে মাছ পুহিব পাৰিব।
দীৰ্ঘদিনে পথটো বিধ্বস্ত হৈ পৰাৰ ফলতে এতিয়া ৰাজপথৰ মাজতে ৰঙ তুলিকা লৈ এইদৰে প্ৰতিবাদ সাব্যস্ত কৰিছে অৰূপ বৈশ্য নামৰ এগৰাকী শিল্পীয়ে।
ৰাইজৰ যাতায়ত বিপৰ্যয় দেখি আলসুৱা মন কুমলিল শিল্পী অৰূপ বৈশ্যৰ আৰু ৰজাঘৰীয়াৰ দৃষ্টি আকৰ্ষণৰ বাবে হাতত ল’লে এই ব্যতিক্ৰমী পন্থা।

বিধ্বস্ত ,জলমগ্ন পথত ৰং-তুলিকা লৈ এইদৰে পথচোৱাৰ যোগীপাৰা গাঁৱত প্ৰতীকী ৰূপত অংকন কৰিলে খলাবমা ৰাজপথটি।
প্ৰশ্ন হয়-এগৰাকী শিল্পীৰ এনে আজৱ প্ৰতিবাদৰ দৃশ্যই সচাঁকে অন্তৰ চুবনে ৰজাঘৰীয়াৰ ,মেৰামতিৰ দিহা হ’বগৈ নে পুখুৰী সদৃশ এই ৰাজপথটিৰ ?