বিধায়ক শ্বেৰমান আলীয়ে বৰপেটা সত্ৰৰ ভকতৰ বুকুত লঠিয়াইছেঃ বশিষ্ঠদেৱ শৰ্মা

পুনৰ বিতৰ্কত বাঘবৰৰ বিধায়ক শ্বেৰমান আলী আহমেদ।
সত্ৰৰ ভূমি বেদখল মুক্ত কৰাৰ বিৰোধিতা কৰি এইবাৰ বিতৰ্কত সেমাই পৰিছে শ্বেৰমান আলী।
বৰপেটা সত্ৰৰ ভূমি বেদখল মুক্ত কৰাৰ বিৰোধিতা কৰি শ্বেৰমান আলীয়ে কৈছিল, শ্বেৰমান আগতে মৰিব তাৰ পাছতহে উচ্ছেদ হ’ব।
যেতিয়ালৈ শ্বেৰমান আলী জীয়াই থাকিব তেতিয়ালৈ বাঘবৰত কোনোধৰণৰ উচ্ছেদ নচলিব বুলি হুংকাৰ দিয়ে বিধায়ক শ্বেৰমান আলীয়ে।
আনকি প্ৰশাসনে উচ্ছেদৰ বাবে পোতা খুঁটি নিজেই উভালি বিতৰ্কৰ সূচনা কৰিছে বিতৰ্কিত বিধায়কগৰাকীয়ে।
মন্দিয়াৰ মহাপুৰুষীয়া সত্ৰৰ উচ্ছেদস্থলীত উপস্থিত হৈ এইদৰে ভাবুকি প্ৰদান কৰাৰ লগতে উচতনিমূলক বক্তব্য প্ৰদান কৰাৰ বিৰুদ্ধে এতিয়া বৰপেটাৰ সত্ৰৰ সত্ৰাধিকাৰৰ লগতে সৰ্বত্ৰে প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।
বৰপেটা সত্ৰৰ বুঢ়া সত্ৰাধীকাৰ বশিষ্ঠদেৱ শৰ্মাৰ সৈতে এটা বৃহৎ দলে বৰপেটাৰ সদৰ থানাত উপস্থিত হৈ অভিযোগ দাখিল কৰিছে।
বুঢ়া সত্ৰাধিকাৰ বশিষ্ঠদেৱ শৰ্মাই শ্বেৰমানৰ বক্তব্যক অতি দুৰ্ভাগ্যজনক বুলি উল্লেখ কৰিছে।
সত্ৰৰ খুঁটি জোতাৰে লঠিয়াই লঠিয়াই ইয়াত উচ্ছেদ হ’ব নোৱাৰে বুলি কৰা কাৰ্যকো গৰিহণা দিলে সত্ৰাধিকাৰগৰাকীয়ে।
তেওঁ কৈছে যে, শ্বেৰমান আলী আহমেদে সত্ৰৰ খুঁটিত লঠিওৱা নাই, সত্ৰৰ ভকতৰ বুকুত লঠিয়াইছে।