বিধায়ক পদ এৰি দিব বিধায়ক অখিল গগৈয়ে যদিহে…

পুনৰ এবাৰ বিধায়ক পদ এৰাৰ ইংগিত প্ৰদান কৰিছে বিধায়ক অখিল গগৈয়ে।

বিধায়ক পদ এৰি পুনৰ আন্দোলনৰ পথ গ্ৰহণ কৰাৰ ইংগিত শিৱসাগৰ সমষ্টিক বিধায়ক অখিল গগৈৰ।

উল্লেখ্য যে, শিৱসাগৰ সমষ্টিৰ বিভিন্ন উন্নয়নমূলক কামৰ ক্ষেত্ৰত চৰকাৰে গুৰুত্ব প্ৰদান নকাৰৰ অভিযোগ তুলিছে বিধায়ক গৰাকীয়ে।

এই সন্দৰ্ভত তেওঁ কয়-ঐতিহাসিক জয়সাগৰ পুখুৰী, শিৱসাগৰ পুখুৰী জহিখহি যোৱাৰ উপক্ৰম হৈছে কিন্তু চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰা নাই।

শিৱসাগৰৰ আটাইবিলাক ঐতিহাসিক পুখুৰী ৰক্ষণাবেক্ষণ কৰিব লাগিব বুলি দাবী জনায় বিধায়ক গৰাকীয়ে।

তেওঁ কয়- যেতিয়ালৈকে এই কামবোৰ হৈ নুঠিব তেতিয়ালৈকে আমি দাবী জনাম, প্ৰতিবাদ কৰিম। বিধায়ক হিচাপে উপায় নাপালে সৰ্বশেষত লাগিলে বিধায়ক পদ ত্যাগ কৰিবলৈ বাধ্য হম।