fbpx
অসমীয়াঅসম

বিধায়ক অতুল বৰাৰ মহাবিস্ফোৰণ! ষ্টাৰ চিমেণ্টৰ পৰা কোন মন্ত্ৰীয়ে পুঁজি ল’বলৈ পৰামৰ্শ দিছিল বিধায়কগৰাকীক?

নিউজ ডেস্কঃ আকৌ কেমেৰাৰ সন্মুখত মহাবিস্ফোৰণ দিছপুৰৰ বিজেপি বিধায়ক অতুল বৰাৰ। নিজৰ দলৰ নেতা-মন্ত্ৰীৰ বিৰুদ্ধেই বিগত সময়ত সৰৱ হৈ পৰি বিজেপিক দুটা ভাগত বিভক্ত কৰা অতুল বৰাৰ এইবাৰ অভিযোগৰ আঙুলি মন্ত্ৰী চন্দ্ৰমোহণ পাটোৱাৰীলৈ।

গুৱাহাটী পৌৰ নিগমত বহিৰাগত কোম্পানীত ঠিকা প্ৰদানক লৈ সৰৱ হৈ পৰা বিজেপিৰ জ্যেষ্ঠ বিধায়কগৰাকীয়ে পুনৰ ক্ষোভ ব্যক্ত কৰে মন্ত্ৰী অশোক সিংহালৰ বিৰুদ্ধে। গুৱাহাটীৰ বিধায়ক সকলৰ সৈতে আলোচনা নকৰাকৈয়ে মন্ত্ৰীগৰাকীয়ে লোৱা সিদ্ধান্তই অসমীয়াক ভয়াবহ পৰিস্থিতিৰ মাজলৈ ঠেলি দিব বুলি মন্তব্য কৰে অতুল বৰাই।

তেওঁ কয় যে ডিব্ৰুগড়ত যিদৰে খান নামৰ এজনৰ ভগ্নীৰ পৰা সুদত লোৱা ধন অসমীয়া পৰিয়ালে কিডনী বিক্ৰী কৰি দিবলগীয়া হৈছিল, সেইদৰে গুৱাহাটীতো অসমীয়া লোকে এতিয়া বহিৰাগত কোম্পানীক কিডনী বেচি ধন দিব লাগিব।

কিন্তু তেওঁ প্ৰতিবাদৰ বাহিৰে আন একো কৰিব নোৱাৰে বুলিও আক্ষেপ ব্যক্ত কৰে। এই প্ৰসংগতে তেওঁ কেমেৰাৰ সন্মুখত মহাবিস্ফোৰণ ঘটায় মন্ত্ৰী চন্দ্ৰমোহণ পাটোৱাৰীক লৈও।

তেওঁ পাটোৱাৰীক ষ্টাৰ চিমেণ্টৰ ফেক্টৰী উচ্চেদ কৰিবলৈ পৰামৰ্শ দিয়াৰ সময়ত এঘণ্টাৰ আলোচনাৰ অন্তত মন্ত্ৰী পাটোৱাৰীয়ে বিধায়কগৰাকীক ষ্টাৰ চিমেণ্টৰ পৰা পুঁজি ল’বলৈহে পৰামৰ্শ দিয়া বুলি অভিযোগ কৰে। সেই সময়ত চন্দ্ৰমোহণ পাটোৱাৰীয়ে অতুল বৰাক ষ্টাৰ চিমেণ্টৰ পৰা লোৱা টকাৰে সমষ্টিৰ উন্নয়ন কৰিবলৈ কৈছিল।

নিজ দলৰে এগৰাকী মন্ত্ৰীৰ বিৰুদ্ধে অতুল বৰাই উত্থাপন কৰা এই অভিযোগে পুনৰ এবাৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। উল্লেখ্য যে, দিছপুৰ সমষ্টিৰ বিধায়ক অতুল বৰাই বিগত সময়ত বহুবাৰ নিজ দলৰ চৰকাৰৰে মন্ত্ৰীৰ বিৰুদ্ধে ক্ষোভ ব্যক্ত কৰি অহা পৰিলক্ষিত হৈছে।

Related Articles

Back to top button

Adblock Detected

Please deactivate AdBlocker to support us!