বিধায়কৰ পদ ত্যাগ কৰিলে সুশান্ত বৰগোহাঁয়ে, বিধানসভাৰ অধ্যক্ষলৈ প্ৰেৰণ কৰিলে পদত্যাগ পত্ৰ…

বিধায়ক পদৰ পৰা পদত্যাগ কৰিলে থাওৰাৰ বিধায়ক সুশান্ত বৰগোহাঁইয়ে।

শনিবাৰে অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীলৈ পদত্যাগ পত্ৰ প্ৰেৰণ কৰে সুশান্ত বৰগোঁহাইয়ে।

image
বিধায়কৰ পদ ত্যাগ কৰিলে সুশান্ত বৰগোহাঁয়ে, বিধানসভাৰ অধ্যক্ষলৈ প্ৰেৰণ কৰিলে পদত্যাগ পত্ৰ... 2

বিধায়ক সুশান্ত বৰগোহাঁইয়ে শুকুৰবাৰে স্বেচ্ছাই কংগ্ৰেছ দলৰ সদস্যপদ ত্যাগ কৰিছিল।

একে সময়তে, তেওঁ দলৰ অনুশাসন সমিতিৰ অধ্যক্ষ পদৰ পৰাও পদত্যাগপত্ৰ প্ৰদান কৰে।

দেওবাৰে বিয়লি বিজেপিত যোগদান কৰাৰ পূৰ্ণ সম্ভাৱনা আছে সুশান্ত বৰগোহাঁইৰ।

মুখ্যমন্ত্ৰীৰ উপস্থিতিত সুশান্তই যোগদান কৰিব বিজেপিত।

ইপিনে সুশান্তৰ বিজেপি গমনক লৈ অসন্তুষ্ট কংগ্ৰেছৰ বহু নেতা কৰ্মী।

সুশান্তৰ বিজেপি গমনক লৈ সৰৱ হৈ পৰিছে কংগ্ৰেছ শিবিৰ।

কোনোবাই যদি সুশান্তক আৱৰ্জনা বুলি ক’লে, আন কোনোবাই আকৌ ক’লে কংগ্ৰেছ এখন মহাসাগৰ।

ৰহাৰ বিধায়ক শশিকান্ত দাসে সুশান্ত বৰগোহাঁইক আৱৰ্জানাৰ লগতে তুলনা কৰি কয়- সুশান্ত বৰগোহাঁইয়ে কংগ্ৰেছ দল ত্যাগ কৰিলেও দলৰ কোনো ক্ষতি নহয়।

Leave a Comment