বিধানসভা নিৰ্বাচনৰ বাবে সাংসদ সুস্মিতা দেৱক সহ-প্ৰভাৰীৰ দায়িত্ব…

গোৱা বিধানসভা নিৰ্বাচনৰ বাবে সাংসদ সুস্মিতা দেৱক সহ-প্ৰভাৰীৰ দায়িত্ব।

আগন্তুক বিধানসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত তৃণমূল কংগ্ৰেছে ৰাজ্যসভাৰ সদস্য সুস্মিতা দেৱ আৰু আলিপুৰদুৱাৰৰ প্ৰাক্তন বিধায়ক সৌৰভ চক্ৰৱৰ্তীক দলটোৰ গোৱা প্ৰদেশ গোটৰ সহ-প্ৰভাৰী হিচাপে নিযুক্তি দিছে।

এক বিবৃতিত তৃণমূলে কয়, ‘আমাৰ মুৰব্বী মমতা বেনাৰ্জীয়ে সুস্মিতা দেৱ আৰু সৌৰভ চক্ৰৱৰ্তীক তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ গোৱা গোটৰ সহ-প্ৰভাৰী হিচাপে নিযুক্তি দিছে’।

উল্লেখ্য যে সুস্মিতা দেৱে কিছু দিন পূৰ্বে কংগ্ৰেছ ত্যাগ কৰি তৃণমূলত যোগদান কৰিছিল।

যাৰ পিছত তেওঁক ৰাজ্যসভালৈ সাংসদ হিচাপে প্ৰেৰণ কৰাৰ লগতে দলৰ মুৰব্বী মমতা বেনাৰ্জীয়ে তেওঁৰ ওপৰত আস্থা প্ৰকাশ কৰি গোৱা নিৰ্বাচনৰ বাবে গুৰুত্বপূৰ্ণ দায়িত্ব প্ৰদান কৰে।

Leave a Comment