অসম

বিধানসভাৰ সন্মুখত অখিল গগৈৰ প্ৰতিবাদ, টি-ছাৰ্টত লিখিলে- ‘ভাষা নাথাকিলে জাতি নাথাকে’

অসম বিধানসভাৰ চতুৰ্থটো দিনৰ আৰম্ভণিতে বিধায়ক অখিল গগৈৰ প্ৰতিবাদ।

অধিৱেশনৰ পূৰ্বেই বিধানসভাৰ চৌহদত প্ৰতিবাদ সাব্যস্ত কৰিলে শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে>

‘ভাষা নাথাকিলে জাতি নাথাকে’, ‘এ পি এছ চিত অসমীয়া ভাষা শেষ?’ লিখা টিছাৰ্ট পৰিধান কৰি, ডিঙিত গামোচা লৈ প্ৰতিবাদ সাব্যস্ত অখিল গগৈৰ।

এ পি এছ চিৰ পৰা অসমীয়া ভাষাৰ বাধ্যতামূলক কাকত বাদ দিয়াৰ বাবেই তেওঁৰ এই প্ৰতিবাদ।

অসম চৰকাৰৰ কেবিনেট বৈঠকত এই বিষয়ত লৈছিল সিদ্ধান্ত। উক্ত সিদ্ধান্তৰ বিৰেধিতা অখিল গগৈৰ।চৰকাৰৰ এই সিদ্ধান্তক প্ৰত্যাহাৰ কৰাৰ দাবী বিধায়ক অখিলৰ।

‘এ পি এছ চিত অসমীয়া ভাষা শেষ?’ লিখা পোচাক পৰিধান কৰি প্ৰতিবাদ অখিলৰ।

পোচাকত লিথা আছে ‘ভাষা নথাকিলে জাতি নাথাকে।

তেওঁ কয়, এ পি এছ চিৰ পৰা, অসমৰ প্ৰশাসনৰ পৰা অসমীয়া ভাষা নোহোৱা কৰিবলৈ বিজেপি চৰকাৰে ষড়যন্ত্ৰ কৰিছে। বুধবাৰে হাইক’ৰ্টৰ মজিয়াত চৰকাৰৰ এই ষড়যন্ত্ৰ সাময়িকভাৱে ব্যৰ্থ হৈছে।

সাংবাদিকৰ আগত গগৈয়ে কয়- এ পি এছ চিৰ পৰা অসমীয়া ভাষাৰ বাধ্যতামূলক কাকত বাদ দিয়াৰ কেবিনেট সিদ্ধান্তৰ বিৰুদ্ধে অসম বিধানসভাৰ ৰোল ৩০১ ৰ জৰিয়তে প্ৰশ্ন উত্থাপন কৰিব বিচৰা হৈছিল যদিও সেই প্ৰশ্ন উত্থাপন কৰিব পৰা নগ’ল। সেয়েহে এইদৰে প্ৰতিবাদ সাব্যস্ত কৰিছো।

এ পি এছ চিৰ পৰা কেতিয়াও অসমীয়া ভাষা বাদ দিবলৈ অনুমতি দিব নোৱাৰো, সেয়ে প্ৰতিবাদ সাব্যস্ত কৰিছো। এই সিদ্ধান্ত অসমীয়া জাতিৰ আত্মঘাটি সিদ্ধান্ত। এই সিদ্ধান্তই অসমীয়া জাতি সম্পূৰ্ণৰূপে শেষ কৰিব বুলি মন্তব্য অখিলৰ।

লগতে কয়- বাধ্যতামূলক কাকতখনত ৩০০ নম্বৰৰ ১০ ম শ্ৰেণীৰ পৰ্যায়ৰ প্ৰশ্ন থাকে। অসমীয়া ভাষা জানেনে নাই সেই বিষয়ে এই পৰীক্ষা অনুষ্ঠিত হ’য়। এই পৰীক্ষা উঠাই দিলে অসমীয়া ভাষা নজনা বিষয়াৰ সৃষ্টি হ’ব। অসমীয়া ভাষা নজনা বিষয়াই কিদৰে অসমৰ প্ৰশাসন ব্যৱস্থা পৰিচালনা কৰিব?

আনহাতে অসম চৰকাৰে উত্থাপন কৰা দ্যা আছাম পুলিচ সংশোধনী বিধেয়ক এক হঠকাৰী সিদ্ধান্ত বুলি মন্তব্য কৰে অখিল গগৈয়ে। ৰাজ্যত সংঘটিত এনকাউণ্টাৰৰ ঘটনাবোৰ লুকুৱাবলৈ এই বিধেয়ক বুলি কয় বিধায়কজনে। যাতে এই আইনৰ সুৰুঙাৰে দোষী আৰক্ষী সাৰি যাব পাৰে।

Related Articles

Leave a Reply

Back to top button