বিধানসভাৰ মজিয়াত অঘটন! বিজেপি-TMCৰ বিধায়কৰ মাজত মাৰপিট, ৫ বিজেপি বিধায়কক নিলম্বন…

পবিত্ৰ সদনত দাগ লগালে বিধায়কে।
পশ্চিমবংগ বিধানসভাৰ মজিয়াত বিজেপি-TMCৰ বিধায়কৰ মাজত মাৰপিট।
বিজেপি আৰু তৃণমূল কংগ্ৰেছৰ মাজত হঠাতে এক হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয়।
BJPৰ মনোজ তিগ্গা আৰু TMCৰ অছিত মজুমদাৰৰ মাজত মাৰপিটৰ ঘটনা।
পশ্চিম বংগৰ বিধানসভাৰ বাজেট অধিৱেশনৰ অন্তিমটো দিনৰ সময়তে এই উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়।
যি ঘটনাৰ দৃশ্য বৰ্তমানে ভাইৰেল হৈ পৰিছে সামাজিক মাধ্যমত।
BJP-TMC members clash in West Bengal Assembly today over #BirbhumViolence as BJP demanded a discussion over the brutal massacre. pic.twitter.com/K8QvyGSfYs
— Aditya Raj Kaul (@AdityaRajKaul) March 28, 2022
বীৰভুম ঘটনাৰ বিষয়ে মন্তব্য আগবঢ়োৱাৰ পাছতে এই ঘটনা সংঘটিত হয় বুলি অভিযোগ উত্থাপন কৰিছে বিজেপিৰ নেতা সকলে।
জানিব পৰা মতে, বিৰোধী দলে বীৰভূমৰ ঘটনাক লৈ আলোচনা কৰিবলৈ সময় বিচাৰিছিল অধ্যক্ষক। আৰু অধ্যক্ষই সময় নিদিয়াত হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হয়।
দুয়ো দলৰ নেতা সকলে বিধানসভাৰ মজিয়াতে হতাহতিত নামি পৰে, লগতে ইজতে সিজনৰ কাপোৰো ফালে।
এই মাৰপিটৰ ঘটনাত তৃণমুলৰ বিধায়কে নাকত বেয়াকৈ আঘাত পাই।
যাৰ পাছতে বিধানসভাৰ পৰা বিজেপিৰ ৫ গৰাকী বিধায়কক নিলম্বিত কৰা হয়।
বিজেপি বিধায়ক সুবেন্দু অধিকাৰী, মনোজ তিগ্গা, নৰহৰি মাহাতো, শংকৰ ঘোষ আৰু দীপক বৰ্মনক নিলম্বন।
সদনত উচ্ছৃংখল আচৰণৰ বাবে নিলম্বন কৰা হৈছে এই ৫ বিধায়কক।