বিদ্যুৎ সংযোগ চুৰি কৰি ই-ৰিক্সা চাৰ্জ! জুৰীয়াত চলিল আৰক্ষী আৰু বিদ্যুৎ বিভাগৰ অভিযান…

নিউজ ডেস্কঃ চুৰি বিদ্যুৎ সংযোগৰ বিৰুদ্ধে কঠোৰ হৈছে শক্তি বিভাগ। দিনটোত কিমানবাৰ কাৰেণ্ট যায়, আহে তাৰ কোনো সঠিক উত্তৰ বিদ্যুৎ বিভাগৰ হাতত নাথাকিলেও বিদ্যুৎ চুৰি প্ৰতিৰোধৰ বাবে প্ৰতিদিনে চলাই আহিছে অভিযান।

তেনে এক অভিযানতে শনিবাৰে নগাঁও বিদ্যুৎ উপ-সংমণ্ডল (দুই)ৰ অধীনস্থ জুৰীয়া বিদ্যুৎ নিয়ন্ত্রণ কক্ষৰ এলেকাধীন মাহগুৰি, কালিয়াডিংগা আৰু কছাৰী গাঁৱত অভিযান চলাই বিদ্যুৎ বিভাগে জব্দ কৰিলে চুৰি বিদ্যুৎ সংযোগৰে বেটাৰী চাৰ্জ কৰি অহা ১২ খনকৈ ই-ৰিক্সা।

এক গোপন সূত্ৰৰ খবৰৰ ভিত্তিত বিদ্যুৎ বিভাগ আৰু জুৰীয়া আৰক্ষীয়ে চলোৱা যুটীয়া অভিযানত মাহগুৰি গাঁৱৰ পৰা নখন, কালিয়াডিংগাৰ পৰা এখন আৰু কছাৰী গাঁৱৰ পৰা দুখন চুৰি বিদ্যুৎ সংযোগেৰে বেটাৰি চাৰ্জ দি ৰখা ই-ৰিক্সা জব্দ কৰে।

photo1659946389
বিদ্যুৎ সংযোগ চুৰি কৰি ই-ৰিক্সা চাৰ্জ! জুৰীয়াত চলিল আৰক্ষী আৰু বিদ্যুৎ বিভাগৰ অভিযান… 2

আনহাতে অভিযানকাৰী দলটোৱে অঞ্চলটোৰ বিভিন্ন ঠাইত অভিযান চলাই চুৰি বিদ্যুৎ সংযোগেৰে কৃষিকার্যত পানী দি থকা কুৰিটাতকৈও অধিক পানী তোলা মটৰো জব্দ কৰে।

জুৰীয়া বিদ্যুৎ নিয়ন্ত্ৰণ কক্ষৰ দায়িত্বত থকা কনিষ্ঠ অভিযন্তা প্ৰাণকৃষ্ণ মহন্তই এই সন্দৰ্ভত জানিবলৈ দি কয় যে, জুৰীয়া থানাৰ অন্তৰ্গত কেইবাটাও অঞ্চলত একাংশ লোকে দীৰ্ঘ দিনৰ পৰা বিদ্যুৎ চুৰি কৰি অহাৰ লগতে অবৈধভাৱে ই-ৰিক্সাৰ বেটাৰী চাৰ্জ আৰু পথাৰৰ পানী তোলা কাৰ্য সম্পাদন কৰি আহিছিল।

এই সন্দৰ্ভত এক গোপন খবৰ লাভ কৰাৰ পিছতে বিদ্যুৎ বিভাগ আৰু আৰক্ষীয়ে যুটীয়াভাৱে অভিযান চলায় আৰু ১২খনকৈ ই-ৰিক্সা জব্দ কৰে।