অসমীয়াঅসম

বিদ্যুৎ বিলৰ প্ৰতি আপত্তি থাকিলে কৰিব পাৰিব আবেদনঃ জনালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

নিউজ ডেস্কঃ পূৰ্বৰ চৰকাৰতকৈ বৰ্তমানৰ চৰকাৰৰ আৰ্থিক অৱস্থা ভাল হৈছে। পূৰ্বৰ চৰকাৰে এক লাখ চাকৰি দিব পৰা নাছিল, পূৰ্বৰ চৰকাৰৰ দিনত অৰুণোদয় নাছিল, ২৫ হাজাৰ টকাৰ আঁচনি নাছিল। কিন্তু এতিয়া এইবোৰ আছে। গতিকে অসম চৰকাৰৰ আৰ্থিক অৱস্থা আগৰ চৰকাৰতকৈ ভাল।

কেগৰ প্ৰতিবেদনক লৈ সংবাদ মাধ্যমৰ সন্মুখত এই মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। বৰ্তমানৰ অসম চৰকাৰৰ আৰ্থিক অৱস্থা ভাল নহ’লে অসমত ২৫-৩০ খন মেডিকেল কলেজ স্থাপন নহ’লহেঁতেন বুলি সগৌৰৱে মন্তব্য কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে হ’ব পাৰে অসমৰ আৰ্থিক অৱস্থা দিল্লী-মুম্বাইতকৈ বেয়া। কিন্তু পূৰ্বৰ চৰকাৰতকৈ এতিয়া চৰকাৰৰ আৰ্থিক অৱস্থা ভাল।

অন্যহাতে ৰাজ্যৰ অস্বাভাৱিক বিদ্যুৎ মাচুল সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি মুখ্যমন্ত্ৰী শৰ্মাই কয় যেই এই সন্দৰ্ভত আজি এপিডিচিলে বিজ্ঞাপন প্ৰকাশ কৰিব। যিসকলৰ বিদ্যুৎ মাচুল অত্যাধিক অহা বুলি ভাৱে, তেওঁলোকে ওচৰৰ বিদ্যুৎ সংমণ্ডললৈ গৈ আবেদন কৰিব পাৰিব বুলিও জানিবলৈ দিয়ে মুখ্যমন্ত্ৰীয়ে।

তেওঁ কয়, ‘বিদ্যুৎ মাচুল বৃদ্ধি দুটা কাৰণত হৈছে। আমি ৪০০ টা পৰিয়ালৰ ওচৰলৈ গৈছো। তেওঁলোকে প্ৰকাশ কৰিছে এইবাৰ তেওঁলোকে অধিক বিদ্যুৎ ব্যৱহাৰ কৰিছে। বাকী ৯০ টা পৰিয়ালে জনাইছে যে তেওঁলোকৰ অত্যাধিক বিদ্যুৎ বিল আহিছে।’

যিসকলে বিদুৎ বিল বেছি অহা বুলি ভাৱে, তেওঁলোকে ওচৰৰ বিদ্যুৎ সংমণ্ডলত আবেদন কৰিব পাৰিব বুলি প্ৰকাশ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে মিটাৰ ৰিডিঙৰ পিছত যদি অত্যাধিক বিদ্যুৎ বিল ধৰা পৰে, তেন্তে সেই অতিৰিক্ত মাচুল ওভতাই দিয়া হব।

Related Articles

Back to top button