
নিউজ ডেস্কঃ বিদ্যুৎ বিভাগে প্ৰেৰণ কৰা বিল দেখি হঠাৎ অসুস্থ হৈ চিকিৎসালয়ত ভৰ্তি হ’বলগীয়া হ’ল এজন ব্যক্তি। এই ঘটনাই এতিয়া তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে মধ্যপ্ৰদেশৰ গোৱালিয়ৰত।
দৰাচলতে জুলাই মাহত গোৱালিয়ৰৰ শিৱবিহাৰ কলনীৰ নিৱাসী প্ৰিয়ংকা গুপ্তালৈ বিদ্যুৎ বিভাগে প্ৰেৰণ কৰিছিল এমাহৰ বিদ্যুতৰ বিল। কিন্তু বিদ্যুৎ বিভাগৰ বিলৰ পৰিমান দেখি অসুস্থ হৈ পৰে প্ৰিয়ংকা গুপ্তাৰ শহুৰেক। যাৰ ফলত তেওঁক চিকিৎসালয়ক ভৰ্তি কৰাবলগীয়া পৰিস্থিতিৰ সৃষ্টি হয়।

৩.৪১৯ কোটি টকাৰ এই আজৱ বিল লাভ কৰি হতবাক হৈ পৰে পৰিয়ালৰ আন সকল সদস্যও। প্ৰিয়ংকাৰ স্বামী সঞ্জীৱ গুপ্তাই তেওঁৰ পিতৃ অসুস্থ হৈ পৰাৰ বাবে বিদ্যুৎ বিভাগে প্ৰেৰণ কৰা এই আজৱ বিল খনকে দোষাৰোপ কৰে।

ইফালে ঘটনা সন্দৰ্ভত বাতৰি প্ৰচাৰ হোৱাৰ পিছতে তৎপৰ হৈ পৰে মধ্য প্ৰদেশ চেণ্ট্ৰেল ফিল্ড পাৱাৰ ডিষ্ট্ৰিবিউচন কোম্পানী। এক স্পষ্টীকৰণ জাৰি কৰি বিদ্যুৎ বিভাগে কৰ্মচাৰীৰ গাফিলতিৰ বাবেই প্ৰিয়ংকা গুপ্তালৈ এই বৃহৎ ধনৰাশিৰ বিল প্ৰেৰণ কৰা স্বীকাৰ কৰে।

বিদ্যুৎ পৰিবহণ কৰ্তৃপক্ষৰ জেনেৰেল মেনেজাৰ নিতিন মাংগলিকে জনোৱা মতে, প্ৰিয়ংকা গুপ্তাৰ পৰিয়াললৈ প্ৰকৃততে প্ৰেৰণ কৰিব লাগিছিল ১৩০০ টকাৰ বিল। কিন্তু কৰ্মচাৰীৰ ভুলৰ বাবেই এই বিলৰ ঠাইত ৩,৪১৯ কোটি টকাৰ বিল প্ৰেৰণ কৰা হয়। ঘটনা সন্দৰ্ভত এজন বিষয়াক নিলম্বন কৰা বুলি জানিব পৰা গৈছে।
আনহাতে এই সমগ্ৰ ঘটনাত খেদ ব্যক্ত কৰি মধ্যপ্ৰদেশৰ শক্তি মন্ত্ৰী প্ৰদ্যুমন সিং তোমাৰে এনে গাফিলতি সংঘটিত কৰা কৰ্মচাৰীজনক চিনাক্ত কৰি আইনী ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি আশ্বাস দিয়ে।