বিদ্যুৎ বিভাগৰ অবিবেচক কাণ্ডঃ এখন ফেন আৰু এটা বাল্ব জলোৱাৰ বাবদ মাহিলী বিল আহিল ২ লক্ষাধিক টকা

বিদ্যুৎ বিভাগৰ অবিবেচক কাণ্ড। এঘৰ দৰিদ্ৰ পৰিয়ালৰ মাহিলী বিল দেখিলে চকু কপালত উঠিব আপোনাৰ।
এখন ফেন আৰু এটা বাল্ব জলোৱাৰ বাবদ মাহিলী বিল আহিল ২ লক্ষাধিক টকা।
জুৰীয়াৰ তেলিয়াবেবেজীয়া পথাৰ গাঁৱত সংঘটিত হৈছে এই ঘটনা।
জুৰীয়াৰ তেলিয়াবেবেজীয়া পথাৰ গাঁৱৰ এঘৰ দৰিদ্ৰ লোকৰ মাত্ৰ এখন ফেন আৰু এটা LED বাল্ব জ্বলোৱাৰ মাহিলী বিল আহিল ২,১৭,৯৯১টকা।
তেলিয়াবেবেজীয়া পথাৰ গাঁৱৰ আবুল কালাম নামৰ দৰিদ্ৰ শ্ৰমিকজনে বহিঃৰাজ্যত কৰ্ম কৰি পৰিয়ালটিক কোনোমতে পোহপাল দি আছে।
ঘৰখনত মাত্ৰ এখন ফেন আৰু এটা LEDবাল্ব জ্বলাই তেওঁৰ পত্নীয়ে। কিন্তু তেওঁলোকৰ মাহিলী বৈদ্যুতিক বিল আহিছে দুইলক্ষাধিক টকা।
এদিন পূৰ্বে পৰিয়ালটোৰ এগৰাকী ৬বছৰীয়া শিশু ভতিজাকৰ মৃত্যুৰ শোক মাৰ নৌযাওঁতেই ভুতৰ ওপৰত দানহ পৰা দি পিছ দিনাই আহিল এই বৈদ্যুতিক বিলখন।
যাৰ বাবে এতিয়া বিল পৰিশোধৰ ক্ষেত্ৰত চিন্তিত হৈ পৰিছে পৰিয়ালটো।
শীঘ্ৰেই ইয়াৰ উচিত বিচাৰ কৰি দিবলৈ বিদ্যুৎ বিভাগক দাবী জনাইছে স্থানীয় ৰাইজে।