বিদ্যুৎ-পানীৰ সংযোগ কৰ্তনৰ পিছতে সপৰিয়ালে বিধায়ক আৱাস ত্যাগ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ

নিউজ ডেস্কঃ সুদীৰ্ঘ ৩৭ বছৰীয়া ৰাজনৈতিক জীৱনৰ পৰিচয় হৈ পৰা বিধায়ক আৱাস এৰিলে প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই।

দিছপুৰৰ পুৰণি চৰকাৰী বিধায়ক আৱাসৰ ৫৪ নং কোৱাৰ্টাৰটোত সুদীৰ্ঘ ৩৭ বছৰীয়া ৰাজনৈতিক জীৱনৰ বহু স্মৃতি জড়িত হৈ আছিল প্ৰফুল্ল মহন্তৰ।

কিন্তু শেহতীয়াকৈ প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ বিধায়ক আৱাসৰ বিদ্যুৎ আৰু পানীৰ সংযোগ কৰ্তন কৰাৰ পিছতে বুধবাৰে সপৰিয়ালে আৱাস গৃহটো ত্যাগ কৰিবলৈ বাধ্য হৈ পৰে প্ৰফুল্ল কুমাৰ মহন্ত।

image 28
বিদ্যুৎ-পানীৰ সংযোগ কৰ্তনৰ পিছতে সপৰিয়ালে বিধায়ক আৱাস ত্যাগ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ 2

উল্লেখ্য যে, সমগ্ৰ দেশৰ ভিতৰতে সৰ্বকনিষ্ঠ মুখ্যমন্ত্ৰী হিচাপে এসময়ত শপত গ্ৰহণ কৰা প্ৰফুল্ল কুমাৰ মহন্ত ১৯৮৫ আৰু ১৯৯৬ চনত দুবাৰকৈ মুখ্যমন্ত্ৰী হৈছিল।

ৰাজনৈতিক জীৱন আৰম্ভ কৰাৰে পৰা দিছপুৰৰ পুৰণি চৰকাৰী বিধায়ক আৱাসৰ ৫৪নং কোৱাৰ্টাৰত তেওঁ সপৰিয়ালে বাস কৰি আহিছিল।

কিন্তু শেহতীয়াকৈ পুনৰ নিৰ্মাণৰ বাবে তেওঁক বিধায়ক আৱাসটো এৰি দিবলৈ চৰকাৰে প্ৰদান কৰিছিল তাগিদা।

তাৰ পিছতো মহন্ত পৰিয়ালে ঘৰটো এৰি নিদিয়াত শেহতীয়াকৈ তেওঁৰ ঘৰৰ বিদ্যুৎ সংযোগ আৰু পানীৰ সংযোগ কৰ্তন কৰা হয়।

ইফালে জানিব পৰা মতে, নতুন বিধায়ক আৱাসৰ ৫ আৰু ৬ নং গৃহ প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীক প্ৰদান কৰা হৈছে।