
নিউজ ডেস্কঃ চৰকাৰী বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীক পুষ্টিকৰ খাদ্য প্ৰদানৰ বাবে চৰকাৰে যিমানেই কঠোৰ নিৰ্দেশ নকৰক কিয়, একাংশই নিজৰ লাভৰ স্বাৰ্থত কণ কণ শিশুসকলক খাদ্যৰ নামত কেৱল অখাদ্য খুৱাই অহাৰ ঘটনা বিগত সময়ত বহুবাৰ পোহৰলৈ আহিছে।
এইবাৰ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে তেনে এটা ভিডিঅ’। য’ত এখন প্ৰাথমিক বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীক দুপৰীয়াৰ আহাৰৰ নামত কেৱল নিমখ আৰু ভাতহে প্ৰদান কৰা দেখা গৈছে।
এই ঘটনাৰ ভিডিঅ’ ভাইৰেল হোৱাৰ পিছতে নিলম্বন কৰা হৈছে বিদ্যালয়খনৰ প্ৰধান শিক্ষয়িত্ৰীক।
A video of children at a primary school in UP's Ayodhya being served boiled rice and salt as mid day meal has surfaced. pic.twitter.com/5wVaE9XWKC
— Piyush Rai (@Benarasiyaa) September 28, 2022
ঘটনাটো উত্তৰ প্ৰদেশৰ অযোধ্যাৰ এখন প্ৰাথমিক বিদ্যালয়ৰ বুলি জানিব পৰা গৈছে। অযোধ্যাৰ চৌৰেবজাৰ অঞ্চলৰ দিহোৱা পাণ্ডেৰ প্ৰাথমিক বিদ্যালয়ত কণ কণ ছাত্ৰ-ছাত্ৰীসকলক মধ্যাহ্ন ভোজনত কেৱল নিমখ আৰু ভাত প্ৰদান কৰাহে পৰিলক্ষিত হয়।
ছাত্ৰ-ছাত্ৰীসকলৰ অভিভাৱকে এই বিষয়ে জানিব পাৰি বিদ্যালয়খনত উপস্থিত হৈ প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে শিশুসকল প্ৰদান কৰা খাদ্যৰ ভিডিঅ’ মোবাইল কেমেৰাত আৱদ্ধ কৰি সামাজিক মাধ্যমত এৰি দিয়াৰ পিছতে ভাইৰেল হৈ পৰে।
ইয়াৰ পিছতে জিলা দণ্ডাধীশে তাৎক্ষণিকভাৱে নিলম্বন কৰে বিদ্যালয়খনৰ প্ৰধান শিক্ষয়িত্ৰী একতা যাদৱক। ঘটনা সন্দৰ্ভত তদন্তৰো নিৰ্দেশ দিছে দণ্ডাধীশ নীতিশ কুমাৰে।