অসমীয়াঅসম

বিদ্যালয়ত ইংৰাজী ভাষাত পাঠদান কৰিব পৰাকৈ প্ৰশিক্ষণ দিয়া হব শিক্ষককঃ শিক্ষামন্ত্ৰী ৰণোজ পেগু

নিউজ ডেস্কঃ অসমীয়া মাধ্যমৰ বিদ্যালয়ত তৃতীয় শ্ৰেণীৰ পৰা গণিত আৰু বিজ্ঞানৰ পাঠ্যক্ৰমত ইংৰাজী ভাষা ব্যৱহাৰক লৈ সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ। বৃহস্পতিবাৰে ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠকত এই সন্দৰ্ভত গ্ৰহণ কৰাৰ সিদ্ধান্তৰ পিছতে ইয়াক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে একাংশই।

শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈয়ে বিধানসভাত উত্থাপন নকৰাকৈ এই সন্দৰ্ভত কেবিনেটে সিদ্ধান্ত গ্ৰহণ কৰাক আপত্তি দৰ্শোৱাৰ পিছতে প্ৰতিক্ৰিয়া ব্যক্ত কৰে শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে। শিৱসাগৰ জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শকৰ কাৰ্যালয় চৌহদত ‘কৃতজ্ঞতা পেঞ্চন সেৱা কেন্দ্ৰ’ৰ উদ্বোধন কৰি শিক্ষামন্ত্ৰীগৰাকীয়ে কয় যে সংবিধানৰ বিধি মানি চলিহে কেবিনেটে এই সিদ্ধান্ত লৈছে।

অখিল গগৈয়ে যদি কেবিনেটৰ ক্ষমতাৰ বিষয়ে জ্ঞাত নহয়, তেন্তে সংবিধানখন পঢ়ি চাবলৈও আহ্বান জনায় শিক্ষামন্ত্ৰী ৰনোজ পেগুৱে।

তেওঁ কয়, ”৯টা মাধ্যমৰ বিদ্যালয় আমি অসমত আগৰে পৰা পৰিচালনা কৰি আছোঁ। তাৰ ভিতৰত ইংৰাজী মাধ্যমো আছে। এয়া কোনো নতুন কথা নহয়। কিন্তু এতিয়া আমি প্ৰতিখন জিলাত ইংৰাজী ভাষাত পাঠদান কৰিব পৰা কৈ বিদ্যালয় সংখ্যা বৃদ্ধি কৰিম। ৫ৰ পৰা ১০খন বিদ্যালয়ত এই ব্যৱস্থা কৰা হ’ব।”

ইফালে এতিয়াৰে পৰা মাধ্যমিকত ছাত্ৰ-ছাত্ৰীয়ে পূৰ্বৰ ৬টা বিষয়ৰ পৰিৱৰ্তে ৭ বিষয় অধ্যয়ন কৰিব লাগিব বুলি মন্তব্য কৰি ৰণোজ পেগুৱে কয়, “৭টা বিষয়ৰ ভিতৰত সমাজ বিজ্ঞান বিষয়টো আঁতৰাই বুৰঞ্জী আৰু ভূগোল বিষয় অন্তৰ্ভুক্ত কৰা হ’ব। মেট্ৰিক পৰীক্ষাত ৫টা বিষয়হে দিব লাগিব। দুটা ঐচ্ছিক বিষয় হিচাপে বিবেচনা কৰা হ’ব। তৃতীয় শ্ৰেণীৰ পৰা গণিত আৰু বিজ্ঞান বিষয় ইংৰাজী ভাষাত পাঠদানৰ ব্যৱস্থা কৰা হ’ব।”

আনহাতে, অসমীয়া মাধ্যমত গণিত আৰু বিজ্ঞান বিষয়টোৰ ইংৰাজীত পাঠদান সন্দৰ্ভত ইতিমধ্যে বহু শিক্ষক–শিক্ষয়িত্ৰীৰ সৈতে কথা পতাৰ লগতে পাঠদান কৰিবলৈ সাজু থকা বুলি প্ৰকাশ কৰে পেগুৱে। প্ৰয়োজন হ’লে শিক্ষক–শিক্ষয়িত্ৰীসকলক ইংৰাজী ভাষাত পাঠদান কৰিব পৰাকৈ প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰা হ’ব বুলিও জানিবলৈ দিয়ে শিক্ষামন্ত্ৰীগৰাকীয়ে।

Related Articles

Back to top button