বিদ্যালয় বন্ধক লৈ নিজ নিজ জিলাত সিদ্ধান্ত ল’ব উপায়ুক্তইঃ শিক্ষামন্ত্ৰী ৰণোজ পেগু

ৰাজ্যত বান পৰিস্থিতিয়ে ধৰাণ কৰিছে ভয়াৱহ ৰূপ।
নেৰানেপেৰা বৰষুণৰ ফলত উজনিৰ পৰা নামনিলৈ ৰাজ্যৰ বিভিন্ন জিলাত সৃষ্টি হৈছে ভয়াৱহ বান পৰিস্থিতিৰ।
ইতিমধ্যেই প্ৰতিকুল বতৰৰ বাবে ৰাজ্যৰ কেইবাখনো জিলাত ঘোষণা কৰা হৈছে শিক্ষানুষ্ঠান বন্ধ ঘোষণা।
প্ৰতিকুল বতৰৰ পৰিপ্ৰেক্ষিতত কামৰূপ জিলাৰ উপায়ুক্ত তথা জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰধিকাৰীৰ অধ্যক্ষ কৈলাশ কাৰ্তিক এনে উত্তৰ কামৰূপৰ উত্তৰ গুৱাহাটী, হাজো, কমলপুৰ, ৰঙিয়া আৰু কঞা ৰাজহ চক্ৰ এলেকাৰ অধীনৰ সকলো চৰকাৰী আৰু বেচৰকাৰী শৈক্ষিক প্ৰতিষ্ঠান ১৭ জুন আৰু ১৮ জুনত বন্ধৰ ঘোষণা কৰিছে।
আনহাতে, কেইবাদিন ধৰি মূষলধৰ বৰষুণৰ বাবেই ২ দিনৰ বাবে সকলো চৰকাৰী বেচৰকাৰী শিক্ষানুষ্ঠান বন্ধ ঘোষণা কৰা হৈছে দক্ষিণ শালমাৰা মানকাচৰ জিলাত।
১৭ আৰু ১৮ জুনত সকলো শিক্ষানুষ্ঠান বন্ধৰ নিৰ্দেশ দিছে দক্ষিণ শালমাৰা মানকাচৰ জিলা প্ৰশাসনে।
শিক্ষানুষ্ঠান বন্ধ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে শিক্ষামন্ত্ৰী ৰণোজ পেগুই।
তেওঁ কয়- বিদ্যালয় বন্ধক লৈ নিজ নিজ জিলাত সিদ্ধান্ত ল’ব উপায়ুক্তই।
দুৰ্যোগ প্ৰশমন বিভাগৰ নিৰ্দেশনাৰ ভিত্তিত উপায়ুক্তই ল’ব সিদ্ধান্ত।
ভয়াৱহ বান পৰিস্থিতিৰ পিছতে শিক্ষা মন্ত্ৰী ৰণোজ পেগুৰ ঘোষণা।
উল্লেখ্য যে, অসম ৰাজ্যিক ব্যৱস্থাপনা কৰ্তৃপক্ষৰ প্ৰতিবেদন অনুসৰি, নেৰানেপেৰা বৰষুণৰ ফলত ৰাজ্যখনৰ ১৮ খন জিলাৰ প্ৰায় ৩১৪ খন গাঁৱৰ লোক ক্ষতিগ্ৰস্ত হৈছে।
প্ৰতিবেদনঅনুসৰি, বাক্সা, কোকৰাঝাৰ, বঙাইগাঁও, নলবাৰী, চিৰাং, দৰং, মাজুলী, ধেমাজি, ডিব্ৰুগড়, ডিমা-হাচাও, হোজাই, গোৱালপাৰা, কামৰূপ, কামৰূপ(মহানগৰ), লখিমপুৰ, তামুলপুৰ, উদালগুৰিত বৰষুণৰ ফলত পৰিস্থিতি অধিক বেয়া হৈছে।