বিদ্যালয়ৰ মধ্যাহ্ন ভোজনৰ মাজতে অঘটন! গৰম ডাইলৰ কেৰাহীত পৰি গুৰুতৰভাৱে আহত কণমানি ছাত্ৰী

নিউজ ডেস্কঃ বিদ্যালয়ৰ মধ্যাহ্ন ভোজনৰ মাজতে ঘটিল এক অঘটন!

ছাত্ৰ-ছাত্ৰীৰ মাজত বিলাবলৈ থৈ দিয়া গৰম ডাইলৰ কেৰাহীত পৰি অগ্নিদগ্ধ হৈ গুৰুতৰভাৱে আহত হয় এগৰাকী প্ৰথম শ্ৰেণীৰ কণমানি ছাত্ৰী।

এই শোকাবহ ঘটনা সংঘটিত হৈছে মধ্যপ্ৰদেশৰ বানছলাৰ এখন প্ৰাথমিক বিদ্যালয়ত।

জানিব পৰা মতে, সোমবাৰে বিদ্যালয়খনত দুপৰীয়া মধ্যাহ্ন ভোজন প্ৰদানৰ বাবে সাজু হৈছিল ৰান্ধনী আৰু সহায়ক।

সেই সময়ত বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰী সকলেও অইন দিনাৰ দৰে শাৰী পাতি মধ্যাহ্ন ভোজনৰ বাবে ৰৈ আছিল।

কিন্তু কণ কণ শিশু কেইটাই ধেমালিতে ইজনে আনজনক ঠেলা মাৰি হাঁহি-ধেমালি কৰি থকাৰ সময়তে প্ৰথম শ্ৰেণীৰ এগৰাকী ছাত্ৰী ভৰি পিচলি কাষতে থৈ দিয়া ডাইলৰ গৰম পাত্ৰৰ পৰি যায়।

যাৰ ফলত ছাত্ৰীগৰাকীৰ দেহৰ ৩০ শতাংশ অগ্নিদগ্ধ হয়।

লগে লগে কণমানিটিক প্ৰাথমিক চিকিৎসাৰ বাবে ভানুপ্ৰতপুৰৰ চৰকাৰী চিকিৎসালয়লৈ নিয়া হয় যদিও পৰৱৰ্তী সময়ত উন্নত চিকিৎসাৰ বাবে জিলা হাস্পতাললৈ প্ৰেৰণ কৰা হয়।

আহত কণমানি ছাত্ৰীগৰাকীৰ নাম তেজশ্বৰী তাণ্ডিয়া বুলি জানিব পৰা গৈছে।

ইফালে বিদ্যালয় কৰ্তৃপক্ষই ছাত্ৰ-ছাত্ৰীৰ বহাৰ ব্যৱস্থা নকৰাকৈয়ে মধ্যাহ্ন ভোজন প্ৰদান কৰাৰ অভিযোগ উত্থাপন হৈছে।

জিলা শিক্ষা বিষষাই সংশ্লিষ্ট বিষয়াসকলক কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰিছে।