বিদেশৰ ছোৱালী বোৱাৰী হ’ল তিনিচুকীয়াৰ! চকলং প্ৰথাৰে সম্পন্ন হ’ল প্ৰাঞ্জল আৰু জুলিৰ বিয়া…

নিউজ ডেস্কঃ দৰাৰ ঘৰ ইপাৰে, কইনাৰ ঘৰ সাত সাগৰ তেৰ নদীৰ সিপাৰে।

কৰ্মসূত্ৰে আয়াৰলেণ্ডত থকাৰ সময়তে ফ্ৰান্সৰ কন্যা জুলিৰ সৈতে চিনাকি হৈছিল কাকপথাৰৰ প্ৰাঞ্জলৰ।

লাহে লাহে বন্ধুত্বই ৰূপ লৈছিল ভালপোৱাৰ। আগবাঢ়িৰ বিয়াৰ কথাও।

পৰিয়ালক সৈমান কৰোৱাৰ পিছত নতুন বছৰৰ পহিলা দিনটোতে প্ৰেয়সী জুলি ভেনহোভক লৈ স্বগৃহলৈ আহিছিল প্ৰাঞ্জল।

ভাষাৰ ব্যৱধান থাকিলেও সহজতে সকলোৰে আপোন হৈ পৰিছিল জুলি।

অসমৰ মাটি-পানীৰ সৈতে লাহে লাহে খাপ খাই পৰিছিল ফ্ৰান্সৰ এখন পৃথক সমাজত ডাঙৰ-দীঘল হোৱা জুলি।

আৰু অৱশেষত তিনিচুকীয়া জিলাৰ অসম-অৰুণাচল সীমান্তৱৰ্তী কৈলাসপুৰৰ নিজ ঘৰত সম্পন্ন হ’ল প্ৰাঞ্জল আৰু জুলিৰ বিয়াখনো।

চকলং প্ৰথাৰে বিবাহ সম্পন্ন কৰি জুলিৰ সেউতাত সেন্দূৰ সানিলে প্ৰেমিক প্ৰাঞ্জলে।

প্ৰাঞ্জল আৰু জুলিৰ এই বিয়াখনে চৰ্চা লাভ কৰিছে সমগ্ৰ অঞ্চলটোত।

বিদেশী বোৱাৰীক চাবলৈ বিয়াৰ দিনটোত ভিৰ কৰিলে গাঁওবাসীয়ে।