বিতৰ্কিত ‘বুল্লী বাই’ এপ গোচৰৰ মূল ষড়যন্ত্ৰকাৰীক অসমৰ পৰা গ্ৰেপ্তাৰ দিল্লী আৰক্ষীৰ

যোৰহাটৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে ‘বুল্লী বাই’ এপ গোচৰৰ মূল ষড়যন্ত্ৰকাৰীক।

নীৰজ বিষ্ণৈ (২০) বুলি চিনাক্ত কৰা অভিযুক্তজনক দিল্লী আৰক্ষীৰ বিশেষ চেলৰ আইএফএছঅ’ দলে গ্ৰেপ্তাৰ কৰে।

দিল্লীৰ ডিচিপি (আইএফএছঅ’) কেপিএছ মালহোত্ৰাই জানিবলৈ দি কয়, “দিল্লী আৰক্ষীৰ বিশেষ চেলৰ আইএফএছঅ’ দলে অসমৰ পৰা গ্ৰেপ্তাৰ কৰা নীৰজ বিষ্ণৈ হৈছে গিটহাবৰ ‘বুল্লী বাই’ৰ মুখ্য ষড়যন্ত্ৰকাৰী তথা সৃষ্টিকৰ্তা আৰু এপটোৰ মুখ্য টুইটাৰ একাউণ্ট ধাৰক।”

FIb-Kimt-UUAIn-PPH

অভিযুক্তজনক বৰ্তমান পৰৱৰ্তী আইনী প্ৰক্ৰিয়াৰ বাবে দিল্লীলৈ অনা হৈছে বুলিও তেওঁ জানিবলৈ দিয়ে।

যোৰহাট জিলাৰ দিগম্বৰ অঞ্চলৰ বাসিন্দা বিষ্ণৈ ভূপালৰ ভেলোৰ ইনষ্টিটিউট অৱ টেকন’লজীৰ বি-টেক শিক্ষাৰ্থী।

FIb-Io-Br-Vk-AESPq

উল্লেখ্য যে, ‘বুল্লী বাই’ এপটোত, শ শ মুছলমান মহিলাৰ ফটো আপলোড কৰা হৈছিল, যাৰ পিছত বহুতে ছ’চিয়েল মিডিয়াত আৰক্ষীৰ ওচৰত অভিযোগ কৰিছিল।

এপটোত নাম থকা মহিলাসকলৰ মাজৰ এগৰাকী সাংবাদিকে দাবী কৰিছিল যে গিটহাবত “বুল্লী বাই” নামৰ এটা গোট “চুলি ডিলছ”ৰ দৰে সৃষ্টি কৰা হৈছিল, যিয়ে তেওঁলোকৰ সামাজিক মাধ্যম একাউণ্টৰ পৰা মুছলমান মহিলাসকলৰ ফটো সংগ্ৰহ কৰে আৰু লোকসকলক তেওঁলোকৰ ‘নিলাম’ত অংশগ্ৰহণ কৰিবলৈ উৎসাহিত কৰি আহিছে।

FIb-Ivrf-VQAEnplx

আনহাতে এই গোচৰত নীৰজ বিষ্ণৈৰ বাহিৰেও আন তিনিজনকো ইতিমধ্যে মুম্বাই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। দিল্লী আৰক্ষী আৰু মুম্বাই আৰক্ষীয়ে পৃথক গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে।

ইয়াৰ পূৰ্বে, গ্ৰেপ্তাৰ কৰা যুৱক তিনিজনৰ এজন বেংগালুৰুৰ অভিযান্ত্ৰিক বিদ্যাৰ্থী আৰু আন এজন বিহাৰৰ বাসিন্দা। গ্ৰেপ্তাৰ হোৱা আনজন অভিযুক্ত বছৰীয়া যুৱক বুলি জানিব পৰা গৈছে।

Leave a Comment