অসম

বিত্তীয় কেলেংকাৰি! পুথিভঁৰাল সঞ্চালকালয়ৰ প্ৰাক্তন সঞ্চালিকা ৰুমী গোস্বামীক গ্ৰেপ্তাৰ…

পুথিভঁৰাল সঞ্চালকালয়ৰ প্ৰাক্তন সঞ্চালিকাক গ্ৰেপ্তাৰ।

পাণবজাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে প্ৰাক্তন সঞ্চালিকা ৰুমী গোস্বামীক।

পুথিভঁৰাল সঞ্চালকালয়ৰ বিত্তীয় কেলেংকাৰিত জড়িত থকাৰ অভিযোগ গোস্বামীৰ বিৰুদ্ধে।

ইতিপূৰ্বে গ্ৰেপ্তাৰ হৈছিল ৰুমী গোস্বামীৰ স্বামী প্ৰণৱ গোস্বামীয়ো।

অৱসৰ গ্ৰহণলৈ তিনিদিন থকালৈকে লুণ্ঠন চলাইছিল গোস্বামীয়ে।

৫টা কিস্তিত ছেল্ফ চেকযোগে উলিয়াই নিছিল ৪৬.১৩ লাখ টকা।

আত্মসাৎ কৰা ধনেৰে তেজপুৰত অট্টালিকা নিৰ্মাণ গোস্বামী দম্পতীৰ।

পুথিভঁৰালৰ আন্তঃগাঁথনি উন্নয়নৰ নামত আবণ্টন হৈছিল ধনৰাশি।

Related Articles

Back to top button