অসমীয়াঅসম

বিত্তমন্ত্ৰী অজন্তা নেওগৰ কনভয়ৰ খুন্দাত গুৰুতৰভাৱে আহত স্কুটী আৰোহী…

নিউজ ডেস্কঃ কাজিৰঙাত মন্ত্ৰীৰ কনভয়ে খুন্দিয়ালে স্কুটী আৰোহীক।

কাজিৰঙাৰ হাতীখুলিত সংঘটিত হৈছে এই ঘটনা।

বিত্তমন্ত্ৰী অজন্তা নেওগৰ কনভয়ে খুন্দা মাৰে এগৰাকী স্কুটী আৰোহীক।

কনভয়ৰ খুন্দাত গুৰুতৰভাৱে আহত স্কুটী আৰোহীজন।

আহত স্কুটী আৰোহীজনৰ পৰিচয় সোনেশ্বৰ সোণোৱাল বুলি জানিব পৰা গৈছে।

আহত সোণোৱালক ভৰ্তি কৰোৱা হৈছে হাস্পতালত।

অৱশ্যে এই ঘটনা সংঘটিত হোৱাৰ সময়ত কনভয়ত নাছিল বিত্তমন্ত্ৰী অজন্তা নেওগ।

ইফালে স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি, কনভয়ৰ বাহনখনে ভুল দিশেৰে গৈ খুন্দা মাৰিছিল স্কুটী আৰোহীজনক।

অন্যহাতে খুন্দা মৰাৰ পিছত আহতজনক চিকিৎসাৰ বাবে নিয়াৰ মানৱীয়তাখিনি প্ৰদৰ্শন নকৰাৰো অভিযোগ স্থানীয় লোকৰ।

Related Articles

Back to top button