নিউজ ডেস্কঃ নিৰ্বাচিত জনপ্ৰতিনিধিৰ আন এক নিৰ্লজ্জ কাণ্ড।
এইবাৰ বিধানসভাৰ অধিৱেশনৰ সময়তে মোবাইলত ‘নীলা ছবি’ দৰ্শন বিজেপি বিধায়কৰ।
ঘটনা ত্ৰিপুৰাৰ। ত্ৰিপুৰা বিধানসভাৰ অধিৱেশনৰ সময়তে মোবাইলত পৰ্ণ ভিডিঅ’ চালে বিজেপি বিধায়ক যাদৱ লাল নাথে।
ইতিমধ্যে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে বিধায়কজনৰ এই কুকৰ্ম।
Tripura BJP MLA caught watching porn during Assembly session, video goes viral pic.twitter.com/3bLI4ahzPs
— India Today NE (@IndiaTodayNE) March 30, 2023
উল্লেখ্য যে, যাদৱ লাল নাথ হৈছে ৰাজ্যখনৰ বাগবছা সমষ্টিৰ বিজেপি বিধায়ক।
বাতৰি অনুসৰি, বৃহস্পতিবাৰে অধিৱেশনৰ সময়ত বিধায়কজনে পৰ্ণ ভিডিঅ’ চাই থকাৰ দৃশ্য কেমেৰাত বন্দী হয়।
প্ৰণিধানযোগ্য যে, ইয়াৰ পূৰ্বে ২০১২ চনত কৰ্ণাটক চৰকাৰৰ দুই বিজেপি মন্ত্ৰীয়ে সদনৰ কাম-কাজ চলি থকাৰ সময়তে পৰ্ণ ভিডিঅ’ চাই থকাৰ দৃশ্য কেমেৰাত বন্দী হৈছিল।