নিউজ ডেস্ক। ভিক্টৰ দাসক চাকৰিৰ পৰা নিলম্বন।
ৰাজ্য চৰকাৰৰ নিযুক্তি প্ৰক্ৰিয়াত ধনৰ লেনদেনৰ অভিযোগ তোলা ভিক্টৰ দাসক চাকৰিৰ পৰা নিলম্বন৷
শিক্ষা সঞ্চালকে নিলম্বন কৰে ভিক্টৰ দাসক৷
কিছুদিন পূৰ্বে চৰকাৰী নিযুক্তিত কেলেংকাৰীৰ অভিযোগ তুলি উপযুক্ত তথ্য দিব নোৱাৰাৰ বাবে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল ভিক্টৰ দাসক৷
প্ৰায় একসপ্তাহ আৰক্ষীৰ জিম্মাত কটোৱাৰ পিছত অন্তৱৰ্ত্তীকালীন জামিন লাভ কৰিছিল ভিক্টৰ দাসে৷
উল্লেখ্য যে, ভিক্টৰ দাসে ক’চিং চেণ্টাৰৰ চলাই থকাৰ লগতে এগৰাকী টেট শিক্ষক আছিল৷
পূব পানীটেমা ৰাধা কৃষ্ণ যুগল মিলন এল পি স্কুলৰ শিক্ষক আছিল ভিক্টৰ। প্ৰধান শিক্ষকৰ প্ৰতিবেদনৰ ভিত্তিত জিলা প্ৰাথমিক শিক্ষা বিষয়াৰ নিৰ্দেশত নিলম্বন ভিক্টৰ দাসক।
সোমবাৰে প্ৰাক্তন শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই ভিক্টৰ দাসক চাকৰিৰ পৰা নিলম্বন কৰাৰ দাবী উত্থাপন কৰিছিল৷