fbpx
অসমীয়াআন্তঃৰাষ্ট্ৰীয়ৰাষ্ট্ৰীয়

বিজেপি নেত্ৰী নুপুৰ শৰ্মাৰ মন্তব্যক লৈ সংকটত ভাৰত! দিল্লী, মুম্বাই, গুজৰাটত আত্মঘাতী আক্ৰমণৰ হুংকাৰ আল কায়দাৰ

নিউজ ডেস্কঃ বিজেপিৰ মুখপাত্ৰ নুপুৰ শৰ্মাই পয়গম্বৰ হজৰত মহম্মদক লৈ কৰা অপমানজনক মন্তব্যক লৈ কেৱল দেশৰ ভিতৰতে নহয়, আন আন ইছলামিক ৰাষ্ট্ৰসমূহতো সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ।

বিশেষকৈ আল কায়দাৰ দৰে কট্টৰ ইছলামিক সন্ত্ৰাসবাদী সংগঠনৰ এতিয়া লক্ষ্য হৈ পৰিছে ভাৰত। নুপুৰ শৰ্মাৰ মন্তব্যৰ পোতক হিচাপে দিল্লী, মুম্বাই, উত্তৰ প্ৰদেশ আৰু গুজৰাটত আত্মঘাতী আক্ৰমণ সংঘটিত কৰাৰ হুংকাৰ দিছে আল কায়দাই।

৮ মাৰ্চত উগ্ৰপন্থী সংগঠনটোৱে প্ৰকাশ কৰা এক বিবৃতিত এই আক্ৰমণক “নবীৰ মৰ্যাদা ৰক্ষাৰ বাবে কৰা যুঁজ” বুলি অভিহিত কৰে।

image 94

উপমহাদেশৰ বাবে আল কায়দাই এক ভাবুকিভৰা বাৰ্তাত লিখিছে, “দিল্লী, গুজৰাট, উত্তৰ প্ৰদেশ আৰু মুম্বাইৰ হিন্দু সন্ত্ৰাসবাদীয়ে এতিয়া মৃত্যুৰ বাবে অপেক্ষা কৰক।’’ আল কায়দাই আত্মঘাতী বিস্ফোৰণ সংঘটিত কৰাৰ হুংকাৰ দিছে।

হজৰত মহম্মদক লৈ শাসকীয় দলটোৰ এগৰাকী নেত্ৰীয়ে কৰা আপত্তিজনক মন্তব্যৰ পিছতে এতিয়া পশ্চিম এছিয়াৰ কেইবাখনো দেশে বিজেপিক কঠোৰ সমালোচনা কৰা পৰিলক্ষিত হৈছে।

কাটাৰ, ওমান, ইৰাক, ইৰাণ, কুৱেইট, চৌদি আৰব, জৰ্ডান, পাকিস্তান, আফগানিস্তান আদিয়ে ইতিমধ্যে বিজেপিক সমালোচনা কৰে।

তালিবানৰ মুখপাত্ৰ জাবিদুল্লাহ মুজাহিদে বিজেপিৰ মুখপাত্ৰৰ বক্তব্যক ধৰ্মীয় গতানুগতিকতাৰ উদাহৰণ হিচাপে উল্লেখ কৰি ভাৰত চৰকাৰক ইছলামক অপমান কৰাৰ পৰা বিৰত থাকিবলৈ পৰামৰ্শ দিয়ে আৰু মুছলমানসকলৰ আৱেগক মনত ৰাখিবলৈ পৰামৰ্শ দিয়ে।

ইতিমধ্যে ৫৭খন মুছলমান দেশৰ সংগঠন অৰ্গেনাইজেচন অৱ ইছলামিক ক’অপাৰেশ্যনে প্ৰতিবাদ সাব্যস্ত কৰিছে। কেইবাখনো আৰব দেশত ভাৰতীয় সামগ্ৰী বৰ্জন আৰম্ভ হৈছে। সৰু সৰু মুছলমান দেশসমূহেও ভাৰতৰ বিৰোধিতা কৰিবলৈ আৰম্ভ কৰিছে।

উল্লেখ্য যে, ভাৰতৰ বিৰুদ্ধে কঠোৰ হোৱা এই ৫৭ খন দেশৰ ভিতৰত ৫০খনতকৈও অধিক ইছলামিক দেশৰ সৈতে প্ৰত্যক্ষ কৌশলগত অংশীদাৰিত্ব আৰু অৰ্থনৈতিক সম্পৰ্ক আছে ভাৰতৰ। কিন্তু এগৰাকী বিজেপি নেত্ৰীৰ মন্তব্যই এতিয়া বিভাজন আনিছে দেশসমূহৰ সম্পৰ্কত।

প্ৰণিধানযোগ্য যে, ১৯৯১ চনৰ উপসাগৰীয় যুদ্ধৰ সময়ত ভাৰতৰ পৰিস্থিতি সাম্প্ৰতিক সময়ত নুই কৰিব নোৱাৰি। সেই সময়ত ইৰাকৰ পৰা তেল আমদানি কৰ্তন কৰা হৈছিল। আকৌ মধ্যপ্ৰাচ্যত বসবাস কৰা বিপুল ভাৰতীয় জনসংখ্যাৰ সিংহভাগ দেশলৈ ঘূৰি আহিছিল। ফলত বৈদেশিক মুদ্ৰাৰ মজুতও বহু পৰিমাণে হ্ৰাস পাইছিল। মুঠতে সেই সময়ত ভাৰত আছিল গভীৰ অৰ্থনৈতিক সংকটত।

বৰ্তমান মধ্যপ্ৰাচ্যত প্ৰায় এক কোটি ভাৰতীয় লোকে কাম কৰে। উপসাগৰীয় আৰু ইছলামিক দেশসমূহৰ পৰা ভাৰতীয় লোকসকলক ঘূৰাই পঠোৱাৰ কাম আৰম্ভ হ’লে ভাৰত একেধৰণৰ অৰ্থনৈতিক সংকটৰ সন্মুখীন হ’ব লাগিব বুলি আশংকা কৰা হৈছে।

তেল আৰু গেছৰ দৰে ইন্ধনৰ বাবে ভাৰত মধ্যপ্ৰাচ্যৰ ওপৰত নিৰ্ভৰশীল। এইবাৰ কাশ্মীৰ বিষয়ত আৰব দেশসমূহে পাকিস্তানৰ পক্ষ ল’ব বুলি ভবা আশংকা নুই কৰিব নোৱাৰি৷

Related Articles

Back to top button

Adblock Detected

Please deactivate AdBlocker to support us!