বিজেপি নেতাৰ ঘৰত গ্রেনেড আক্ৰমণ, ২ বছৰীয়া শিশুৰ মৃত্যু

নিউজ ডেস্ক। পুনৰ বিজেপি নেতাক আক্ৰমণৰ লক্ষ্য সন্ত্ৰাসবাদীৰ।

জম্মু-কাশ্মীৰত পুনৰ এবাৰ বিজেপি নেতাক লক্ষ্য কৰি লৈছে উগ্ৰপন্থীয়ে।

বৃহস্পতিবাৰে নিশা সন্ত্ৰাসবাদীয়ে ৰাজৌৰীত বিজেপি নেতাৰ ঘৰত গ্ৰেনেড আক্ৰমণ কৰে।

এই ঘটনাত এটি ২ বছৰীয়া শিশুৰ মৃত্যু ঘটে। লগতে পাঁচজন লোক আহত হোৱা বুলি জানিব পৰা যায়।

জানিব পৰা মতে, সন্ত্ৰাসবাদীৰ দলে ৩ টা গ্ৰেনেড নিক্ষেপ কৰিছিল বিজেপি নেতা জনৰ ঘৰলৈ। যিকেইটা গ্রেনেড বিজেপি নেতাজনৰ ঘৰৰ চালত বিস্ফোৰণ হৈছিল।

সূত্ৰ অনুসৰি, খাণ্ডলী অঞ্চলত বিজেপিৰ মণ্ডল সভাপতি যশবীৰ সিঙৰ ঘৰত এই গ্রেনেড আক্ৰমণৰ ঘটনা সংঘটিত হয়।

এই ঘটনাত নেতাগৰাকীৰ ২ বছৰীয়া ভতিজা বীৰ সিঙৰ কৰুণ মৃত্যু ঘটে।

অঞ্চলটো তেতিয়াৰ পৰা সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়া হৈছে বুলি জানিব পৰা যায়।

খবৰ অনুসৰি, বৃহস্পতিবাৰে দিনটোত বিজেপি নেতাজনৰ ঘৰত আক্ৰমণ কৰাৰ পূৰ্বে উগ্ৰপন্থীয়ে কুলগামত বিএছএফৰ কনভয়ত আক্ৰমণ কৰিছিল।

কাজিগুণ্ডৰ মালপোৰাত জম্মু-শ্ৰীনগৰ ঘাইপথত এই আক্ৰমণ সংঘটিত কৰিছিল। তেতিয়া নিৰাপত্তাৰক্ষীয়ে উগ্ৰপন্থী দলক ঘেৰাও কৰিছিল। দুয়ো পক্ষৰ মাজত প্ৰচণ্ড গুলীবৰ্ষণ আৰম্ভ হৈছিল। সন্ত্ৰাসবাদীৰ গুলীচালনাত দুজন সুৰক্ষা বাহিনীৰ কৰ্মী আৰু দুজন সাধাৰণ লোক আহত হয়।

উল্লেখ্য যে বিগত সময়ত জম্মু-কাশ্মীৰত বিজেপি নেতাসকল সন্ত্ৰাসবাদীৰ লক্ষ্য হৈ আহিছে। যোৱা ৯ আগষ্টত সন্ত্ৰাসবাদীয়ে অনন্তনাগত বিজেপি নেতা গোলাম ৰছুল ডাৰ আৰু তেওঁৰ পত্নীক গুলীয়াই হত্যা কৰিছিল।

যোৱা বছৰ ৮ জুলাইত জম্মু-কাশ্মীৰৰ বিজেপি নেতা ৱাছিম বাৰী সন্ত্ৰাসবাদীৰ আক্ৰমণত নিহত হৈছিল। ইয়াৰ পিছত ৪ আগষ্টত কুলগামত বিজেপি নেতা আৰিফ আহমেদৰ ওপৰত চলিছিল আক্ৰমণ।

তাৰ পিছত ৬ অক্টোবৰত সন্ত্ৰাসবাদীয়ে গান্দেৰবালত বিজেপিৰ জিলা উপ-সভাপতি গোলাম কাদিৰক হত্যা কৰিছিল। বুদগামতো এজন বিজেপি কৰ্মীক লক্ষ্য কৰি লৈছিল সন্ত্ৰাসবাদীয়ে।

Leave a Comment