বিজেপি দল সমগ্ৰ দেশতে চূড়ান্তভাৱে ব্যৰ্থ হৈছেঃ তৃণমূল কংগ্ৰেছৰ সাংসদ ডেৰেক ও’ব্ৰায়েন…

গুৱাহাটীত তৃণমূল কংগ্ৰেছৰ সংবাদমেল।

তৃণমূল কংগ্ৰেছৰ ৰাজ্য সভাৰ সাংসদ ডেৰেক ও’ব্ৰায়েনৰ সংবাদমেল সম্বোধন।

সংবাদ মেলত বিজেপি দলৰ লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক কটু ভাষাৰে সমালোচনা কৰে তৃণমূল কংগ্ৰেছৰ ৰাজ্য সভাৰ সাংসদ ডেৰেক ও’ব্ৰায়েনে।

বুধবাৰৰ অসম তৃণমূল কংগ্ৰেছৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সভাত আমন্ত্ৰিত অতিথি হিচাপে অংশ গ্ৰহণ কৰি সংবাদগৰাকীয়ে অসমত তৃণমূল কংগ্ৰেছ দল ক্ৰমান্বয়ে শক্তিশালী হৈছে বুলি মন্তব্য কৰে।

image
বিজেপি দল সমগ্ৰ দেশতে চূড়ান্তভাৱে ব্যৰ্থ হৈছেঃ তৃণমূল কংগ্ৰেছৰ সাংসদ ডেৰেক ও'ব্ৰায়েন... 2

তেওঁ কয়- বিজেপি দল সমগ্ৰ দেশতে চূড়ান্তভাৱে ব্যৰ্থ হৈছে। বিজেপিৰ বিৰুদ্ধে বৰ্তমান বিৰোধী শক্তিশালী স্থিতিত আছে। বৰ্তমান প্ৰত্যেকখন ৰাজ্যত বিজেপি প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে। নৰেন্দ্ৰ মোদী সকলো দিশতে ব্যৰ্থ হৈছে। কথা দি কথা ৰাখিব পৰা নাই প্ৰধানমন্ত্ৰীয়ে।

ডেৰেক ও’ব্ৰায়েনৰ সংবাদ মেলত তৃণমূল কংগ্ৰেছৰ সাংসদ সুস্মিতা দেৱ, ৰাজ্যিক সভাপতি ৰিপুণ বৰা উপস্থিত আছিল।