বিজেপি কৰ্মীসকল অতি পৰিশ্ৰমী, তেওঁলােক ক’ভিড-১৯ত আক্ৰান্ত হ’ব নোৱাৰেঃ বিধায়ক

March 22, 2021 0 By NEWS DESK

নিউজ ডেস্ক। দেশত ক’ভিড-১৯ ভাইৰাছৰ সংক্ৰমণৰ দ্বিতীয়টো ঢৌৱে লৈছে সংহাৰী ৰূপ। নিতৌ বৃদ্ধি পাইছে আক্ৰান্তৰ সংখ্যা।

বিভিন্ন ৰাজ্যত স্থানীয়ভাৱে ঘোষণা কৰা হৈছে লকডাউন। কিন্তু তেনে সময়তে এক আজৱ মন্তব্য কৰিছে এজন জনপ্রতিনিধিয়ে।

জনপ্রতিনিধিজনে কোৱা অনুসৰি, “বিজেপি দলৰ কৰ্মী ক’ভিড-১৯ত আক্ৰান্ত নহয়, যিহেতু তেওঁলোকে অধিক কষ্টেৰে কাম কৰিছে।”

এই আজৱ মন্তব্য কৰে গুজৰাটৰ ৰাজকােট সমষ্টিৰ বিধায়ক গোবিন্দ পেটেলে। এই মন্তব্যৰ পিছতেই সৰ্বত্ৰতে সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ।

উল্লেখ্য যে, যোৱা মাহৰ গুজৰাটৰ স্থানীয় চৰকাৰৰ নিৰ্বাচনৰ ভোটদানৰ সময়ত ক’ভিড-১৯ত আক্ৰান্ত হৈছিল মুখ্যমন্ত্ৰী বিজয় ৰূপানী সহ বহুতো নেতা, কৰ্মী আৰু বিধায়ক। ইয়াৰোপৰি শনিবাৰৰ দিনা বৰােদৰা সমষ্টিৰ সাংসদ ৰঞ্জনবেন ভট্টও ক’ভিড-১৯ত আক্ৰান্ত হৈ চিকিৎসালয়ত ভৰ্তি হয়।

গুজৰাটৰ উপ মুখ্যমন্ত্ৰী নিতিন পেটেলে মন্তব্য কৰি কয় যে, গুজৰাটত যোৱা মাহত অনুষ্ঠিত স্থানীয় চৰকাৰৰ নিৰ্বাচন, আহমেদাবাদৰ টি ২০ আৰু টেষ্ট ক্ৰিকেট মেচেই ক’ভিড-১৯ সংক্ৰমণৰ মূল কাৰণ। সেয়েহে তেওঁ সকলোকে ক’ভিড-১৯ প্ৰট’কল মানি চলিবলৈ আহ্বান জনাইছে।

লগতে চাওকঃ

সুৰা সৰবৰাহকাৰীৰ অভিনৱ কৌশল দেখি হতবাক আনন্দ মহিন্দ্ৰা! ক’লে এই কথা…