বিজেপি, কংগ্ৰেছ, অগপ, আপ ক’লৈকো নাযাওঁ! জীয়াই থকালৈকে জাতীয়তাবাদ কৰি যামঃ লুৰিণজ্যোতি

আন দললৈ যাব নেকি লুৰিণজ্যোতি গগৈ?
শেহতীয়াকৈ ৰাজ্যৰ ৰাজনীতিত বিশেষভাৱে চৰ্চা লাভ কৰা এই খবৰৰ মাজতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে।
তেওঁ কয়- বিজেপি, কংগ্ৰেছ, অগপ, আপ ক’লৈকো নাযাওঁ। জীয়াই থকালৈকে জাতীয়তাবাদ কৰি যাম। আদৰ্শ পৰিহাৰ নকৰোঁ। যি শক্তি আৰু চিন্তাৰে কাম কাজ কৰি আছো সেইয়া অব্যাহত থাকিব। জাতীয়তাবাদী চিন্তাৰে আগবাঢ়ি আছো আৰু আগবাঢ়ি থাকিম।
লগতে তেওঁ নিজৰ দলৰ কথা উল্লেখ কৰি কয়, গছ ৰৈছো, অংকুৰিত হৈছে। গছ ডাঙৰ হ’ব, ফল-ফুল লাগিব আৰু সেই ফল কোনে খাব সেইয়া সময়ে নিৰ্ধাৰণ কৰিব।
লগতে তেওঁ আছুৰ মঞ্চখন সমাজৰ বিভিন্ন দিশত নেতৃত্ব দিব পৰা উৰ্বৰা ভূমি হৈ থাকিব লাগে বুলিও তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে লুৰিণজ্যোতিয়ে।
লগতে আছুত বহু প্ৰতিভাৱান যুৱক-যুৱতী আছে বুলি মন্তব্য কৰি তেওঁলোকক সূযোগ দিব লাগে বুলি মন্তব্য কৰে গগৈয়ে।
জাতীয়তাবাদী আদৰ্শক সজীৱ আৰু শক্তিশালী কৰিবৰ বাবে আমি সদায় চেষ্টা কৰিব লাগিব।