বিজেপিৰ বৈঠকত কংগ্ৰেছৰ নিলম্বিত বিধায়ক শ্বেৰমান আলী!

নিউজ ডেস্ক। শনিবাৰে গুৱাহাটীৰ মাছখােৱা স্থিত প্ৰাগজ্যােতিষ সাংস্কৃতিক প্ৰকল্পত চলি থকা ৰাজ্যিক বিজেপিৰ কাৰ্যনিৰ্বাহক সভাস্থলীত হঠাতে দেখা গ’ল কংগ্ৰেছৰ নিলম্বিত বিধায়ক শ্বেৰমান আলীক।

বিধায়কগৰাকীক দেখি তাত পূৰ্বৰে পৰা উপস্থিত থকা সংবাদকৰ্মীসকল কৌতূহলী হৈ পৰে আৰু তেওঁৰ আগমনৰ উদ্দেশ্যক লৈ প্ৰশ্ন উত্থাপন কৰে।

অৱশ্যে আকস্মিকভাৱে সাংবাদিকৰ কেমেৰাৰ সন্মুখীন হৈ অসুবিধাত পৰে বাঘবৰৰ বিধায়ক গৰাকী।

G8 6
বিজেপিৰ বৈঠকত কংগ্ৰেছৰ নিলম্বিত বিধায়ক শ্বেৰমান আলী! 2

পিছে বিজেপিৰ দলীয় কাৰ্যসূচীত অংশ ল’বলৈ নহয়, টয়লেট বিচাৰিহে তাত উপস্থিত হােৱা বুলি সাংবাদিকৰ আগত মন্তব্য কৰে বিধায়ক শ্বেৰমান আলীয়ে।

উল্লেখ্য যে, কংগ্ৰেছৰ পৰা নিলম্বন হৈ থকা বিতৰ্কিত বিধায়ক শ্বেৰমান আলীয়ে নিজৰ মন্তব্যৰ বাবে প্ৰায়ে চৰ্চাত থাকি আহিছে।

শেহতীয়াকৈ বৰপেটা সত্ৰৰ বেদখলিকৃত ভূমিৰ উচ্ছেদত সমৰ্থন জনোৱা সকলক ভাবুকি প্ৰদান কৰি চৰ্চিত হৈছিল শ্বেৰমান। তাৰ পিছতে আকৌ নাৰীক লৈ কৰা অপমানজনক মন্তব্যৰ বিৰুদ্ধে লতাশিল থানাত বিধায়কজনৰ বিৰুদ্ধে দাখিল কৰা হৈছে এজাহাৰ।

বিতৰ্কিত মন্তব্য কৰি কাৰাবাসো খাটিবলগীয়া হোৱা শ্বেৰমান আলীক বিজেপিৰ দলীয় সভাত প্ৰত্যক্ষ কৰাৰ পিছত সৃষ্টি হৈছে আন এক নতুন প্ৰতিক্ৰিয়াৰ।

কংগ্ৰেছৰ নিলম্বিত বিধায়কজনে টয়লেট বিচাৰি বাট ভুল কৰি বিজেপিৰ সভাত উপস্থিত হোৱাৰ অজুহাত দেখুৱালেও দৰাচলতে তেওঁ কিয় তাত উপস্থিত হৈছিল তাক লৈ সৃষ্টি হৈছে সন্দেহৰ।

নে শ্বেৰমান আলীয়ে তেওঁৰ বিৰুদ্ধে উত্থাপিত অভিযোগ-গোচৰৰ অৱসান ঘটাবলৈ গেৰুৱা বসন পিন্ধাৰ যো-জা চলাইছে, সেয়া পৰৱৰ্তী সময়ত নিশ্চয় পোহৰলৈ আহিব।

Leave a Comment