fbpx
অসমীয়াৰাষ্ট্ৰীয়

বিজেপিৰ বিধায়ক পুত্ৰৰ কুকীৰ্তি! ৪০ লাখ টকাৰ ঘোচ লৈ হাতে-লোটে গ্ৰেপ্তাৰ, বাসগৃহৰ পৰা জব্দ কোটি কোটি টকা…

নিউজ ডেস্কঃ দুৰ্নীতিৰ বিৰুদ্ধে শূণ্য সহনশীলতাৰ কথা কোৱা বিজেপিৰ বিধায়কৰ পুত্ৰই এইবাৰ হাতে-লোটে গ্ৰেপ্তাৰ হ’ল ঘোচ লৈ।

৪০ লাখ টকাৰ উৎকোচ গ্ৰহণৰ সময়তে হাতে-লোটে গ্ৰেপ্তাৰ কৰ্ণাটকৰ বিজেপি বিধায়ক মাদাল বিৰুপক্ষপ্পাৰ পুত্ৰ প্ৰশান্ত মাদাল।

ইফালে গ্ৰেপ্তাৰৰ পিছতে বিধায়ক পুত্ৰৰ বাসগৃহত তালাচী চলাই লোকায়ুক্তৰ দুৰ্নীতি নিবাৰক শাখাই জব্দ কৰে ৬ কোটি টকা নগদ ধন।

উল্লেখ্য যে, কৰ্ণাটকৰ দৱনাগেৰে জিলাৰ চান্নাগিৰিৰ বিধায়ক মাদাল বিৰুপক্ষপ্পা আছিল মহীশূৰ চন্দন চাবোনৰ চৰকাৰী নিৰ্মাণকাৰী উদ্যোগ কৰ্ণাটক চাবোন আৰু ডিটাৰজেন্ট লিমিটেড (কেএছডিএল)ৰ অধ্যক্ষ।

আনহাতে তেওঁৰ পুত্ৰ প্ৰশান্ত মাদাল বাংগালুৰু পানী যোগান আৰু নলা-নৰ্দমা ব’ৰ্ড (বিডব্লিউএছএছবি)ৰ মুখ্য একাউণ্টেন্ট।

পুত্ৰৰ কুকীৰ্তি পোহৰলৈ অহাৰ পিছতে কেএছডিএলৰ অধ্যক্ষ পদৰ পৰা পদত্যাগ কৰে বিধায়ক মাদাল বিৰুপক্ষপ্পাই।

বৃহস্পতিবাৰে কৰ্ণাটক লোকায়ুক্তৰ দুৰ্নীতি নিবাৰক শাখাৰ দলে ৪০ লাখ টকা উৎকোচ লৈ থকা অৱস্থাত কে এছ ডি এলৰ কাৰ্যালয়ত বিৰুপক্ষপ্পাৰ পুত্ৰক ধৰি গ্ৰেপ্তাৰ কৰে।

কাৰ্যালয়টোত প্ৰায় ১.৭৫ কোটি টকা ভৰ্তি কমেও তিনিটা বেগ জব্দ কৰা হৈছে।

২০০৮ চনৰ কৰ্ণাটক প্ৰশাসনিক সেৱাৰ বিষয়া প্ৰশান্ত মাদালে চাবোন আৰু অন্যান্য ডিটাৰজেণ্ট নিৰ্মাণৰ বাবে প্ৰয়োজনীয় কেঁচামালৰ চুক্তিৰ বাবে ঠিকাদাৰৰ পৰা ৮১ লাখ টকা উৎকোচ দাবী কৰিছিল।

এই উৎকোচৰ প্ৰথম কিস্তি হিচাপে তেওঁ ৪০ লাখ টকা গ্ৰহণৰ সময়তে হাতে-লোটে গ্ৰেপ্তাৰ হ’বলগীয়া হয়।

মুখ্যমন্ত্ৰী বাসৱৰাজ বোম্মাইয়ে এই বৃহৎ উৎকোচ কাণ্ডৰ ন্যায়াধীশৰ দ্বাৰা স্বতন্ত্ৰ তদন্ত কৰা হ’ব বুলি জানিবলৈ দিয়ে।

Related Articles

Back to top button

Adblock Detected

Please deactivate AdBlocker to support us!