fbpx
অসমঅসমীয়া

বিজেপিৰ পদুমৰ পাহিৰ পৰা ওলাল ফেটীসাপঃ ৰাজপথত পুনৰ আন্দোলনকাৰীৰ ৰূপত অখিল গগৈ

নিউজ ডেস্কঃ বিজেপিৰ পদুমৰ পাহিৰ পৰা ওলাল ফেটীসাপ।

– ৰাজপথত পুনৰ সংগ্ৰামী ৰূপত প্ৰতিবাদ সাব্যস্ত কৰি বিজেপি চৰকাৰৰ বিৰুদ্ধে সৰৱ হৈ পৰিল শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈয়ে।

অত্যাৱশ্যকীয় সামগ্ৰী, ঔষধৰ দাম বৃদ্ধিৰ বিৰুদ্ধে মহানগৰীৰ গুৱাহাটী ক্লাৱত এক প্ৰতিবাদ কাৰ্যসূচী শুকুৰবাৰে বাহিৰ কৰে ৰাইজৰ দলে।

এই প্ৰতিবাদত অংশ লৈ ৰাইজৰ দলৰ সভাপতি তথা বিধায়ক অখিল গগৈয়ে তীক্ষ্ণ ভাষাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপি চৰকাৰক সমালোচনা কৰে।

06 05 22 Guwahati Raijor dal protest 7
pix by UB PHOTOS

এতিয়া বিজেপিৰ পদুম ফুলৰ পাহিৰ পৰা ফেঁটীসাপ ওলাল বুলি মন্তব্য কৰি অতি শীঘ্ৰে মূল্যবৃদ্ধি প্ৰতিৰোধ কৰাৰ দাবী জনায় অখিল গগৈয়ে। অন্যথা বিজেপি চৰকাৰক পদত্যাগ কৰিবলৈ বাধ্য কৰোৱা হ’ব বুলিও হুংকাৰ দিয়ে বিধায়কগৰাকীয়ে।

06 05 22 Guwahati Raijor dal protest 6
pix by UB PHOTOS

আজি জনতাৰ ক্ষোভত ভয় খাই মুখ্যমন্ত্ৰীয়ে বিধায়ক সকলক মুখ বন্ধ ৰাখিবলৈ আহ্বান জনাইছে বুলি কটাক্ষ কৰি অখিল গগৈয়ে কয় যে অসমত এতিয়া ৰাইজে বিজেপি নেতাসকলক খেদি খেদি পিটাৰ পৰিৱেশ সৃষ্টি হৈছে।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই হিন্দু-মুছলমানৰ ৰাজনীতি কৰি চৰকাৰ গঠন কৰিলেও এতিয়া আৰু যে এনে ৰাজনীতি নচলে সেয়া বুজি পাইছে বুলিও মন্তব্য কৰে অখিল গগৈয়ে।

মূল্যবৃদ্ধি ৰোধ নকৰিলে ৰাইজৰ দলৰ প্ৰতিবাদ অব্যাহত থাকিব বুলি হুংকাৰ দি অখিল গগৈয়ে কয় যে এতিয়া পুনৰ অখিল গগৈক আগৰ সংগ্ৰামী ৰূপত দেখা পোৱা যাব।

Related Articles

Leave a Reply

Back to top button

Adblock Detected

Please deactivate AdBlocker to support us!