fbpx
অসমঅসমীয়া

বিজেপিৰ জ্যেষ্ঠ নেতা গুলাব চান্দ কাটাৰিয়াক অসমৰ ৰাজ্যপাল হিচাপে নিযুক্তি…

নিউজ ডেস্কঃ ৰাজস্থানৰ বিৰোধী নেতা তথা বিজেপিৰ জ্যেষ্ঠ নেতা গুলাব চান্দ কাটাৰিয়াক অসমৰ পৰৱৰ্তী ৰাজ্যপাল হিচাপে নিযুক্তি।

বৰ্তমানৰ ৰাজ্যপাল জগদীশ মুখীৰ অৱসৰৰ পিছতে ৰাজ্যপালৰ দায়িত্ব গ্ৰহণ কৰিব কাটাৰিয়াই।

২০১৪ চনৰ পৰা ২০১৮ চনলৈকে ৰাজস্থান চৰকাৰৰ গৃহমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰি থকা কাটাৰিয়াই ৰাজস্থানৰ বিজেপিৰ জ্যেষ্ঠ নেতা আৰু দলৰ কেন্দ্ৰীয় কাৰ্য্যকৰী সমিতিৰ সদস্যও।

২০১৯ চনৰ পৰা ২০২৩ চনলৈকে ৰাজস্থান বিধানসভাত বিৰোধী দলৰ নেতা হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল কাটাৰিয়াই।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কাটাৰিয়াক অসমৰ ৰাজ্যপাল হিচাপে নিযুক্তি পোৱাৰ বাবে অভিনন্দন জ্ঞাপন কৰে।

সংবাদ মাধ্যমৰ সৈতে হোৱা কথা-বতৰাত কাটাৰিয়াই কয় যে, “যেতিয়াই দলে মোক কোনো দায়িত্ব দিছে মই সেইবোৰ কঠোৰ পৰিশ্ৰমেৰে পালন কৰিছো। মই নিশ্চিত কৰিম যে মই ৰাজ্যপাল হোৱাৰ দায়িত্ব দক্ষতাৰে আৰু কোনো পক্ষপাতিত্ব নোহোৱাকৈ পালন কৰিম।”

Related Articles

Back to top button