বিজেপিৰ কেন্দ্ৰীয় সংসদীয় সমিতিত স্থান লাভ সৰ্বানন্দ সোণোৱালৰ…

নতুনকৈ গঠন কৰা হৈছে বিজেপিৰ কেন্দ্ৰীয় সংসদীয় সমিতি

দলৰ সৰ্বোচ্চ সিদ্ধান্ত গ্ৰহণকাৰী সংস্থা হিচাপে বিবেচিত সংসদীয় সমিতিত স্থান লাভ কৰিছে অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে।

সংসদীয় ব’ৰ্ডত অন্তৰ্ভুক্ত হৈছে ১১ জনকৈ শীৰ্ষ নেতা।

জে পি নাড্ডা, নৰেন্দ্র মোডী, অমিত শ্বাহ আছে সংসদীয় ব’ৰ্ডত।

কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালকো অন্তৰ্ভুক্ত কৰা হৈছে কেন্দ্রীয় সংসদীয় ব’ৰ্ডত।

বি এছ য়াডুৰাপ্পা, কে লক্ষ্মণ, ইকবাল সিং লালপুৰা, সুধা যাদব, সত্য নাৰায়ণ জটিয়াকো অন্তৰ্ভুক্ত।

image 126
বিজেপিৰ কেন্দ্ৰীয় সংসদীয় সমিতিত স্থান লাভ সৰ্বানন্দ সোণোৱালৰ... 3

অনহাতে, বি এল সন্তোষক সচিবৰ দায়িত্ব অৰ্পন কৰা হৈছে।

নীতিন গাডকাৰিক আঁতৰোৱা হৈছে সংসদীয় ব’ৰ্ডৰ পৰা। শিৱৰাজ সিং চৌহানকো সংসদীয় ব’ৰ্ডৰ পৰা অব্যাহতি।

ইয়াৰ সমান্তৰালভাৱে ১৫ জন সদস্যৰে গঠিত বিজেপিৰ কেন্দ্ৰীয় নিৰ্বাচনী সমিতিতো স্থান লাভ কৰিছে সৰ্বানন্দ সোণোৱালে।

image 127
বিজেপিৰ কেন্দ্ৰীয় সংসদীয় সমিতিত স্থান লাভ সৰ্বানন্দ সোণোৱালৰ... 4

এই সমিতিত স্থান লাভ কৰা সদস্যসকল হৈছে- জে পি নাড্ডা (সভাপতি), নৰেন্দ্ৰ মোদী, ৰাজনাথ সিং, অমিত শ্বাহ, বি এছ য়েদিয়ুৰাপ্পা, সৰ্বানন্দ সোণোৱাল, কে লক্ষ্মণ, ইকবাল সিং লালপুৰা, সুধা যাদৱ, সত্যনাৰায়ণ জটিয়া, ভূপেন্দ্ৰ যাদৱ, দেৱেন্দ্ৰ ফড়নাবিছ, ওম মাথুৰ, বি এল সন্তোষ আৰু বনাথী শ্ৰীনিবাস।