অসম
বিজেপিৰে মিত্ৰতাৰ আনুষ্ঠানিক ঘোষণা JPP-ৰ…

বিজেপিৰে মিত্ৰতাৰ আনুষ্ঠানিক ঘোষণা JPP-ৰ।
বিজেপি আৰু জেপিপি য়ে মিলি গঠন কৰিব দেউৰী স্বায়ত্ত শাসিত পৰিষদ।
দেউৰী জাতিৰ সামগ্ৰিক বিকাশৰ বাবে বিজেপিৰে মিত্ৰতা বুলি ঘোষণা মুখ্যমন্ত্ৰীৰ।
উল্লেখ্য যে, দেউৰী স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচনত ৭ খন আসনেৰে দ্বিতীয় স্থানত থকা জেপিপিৰ আটাইকেইজন পাৰিষদেই দেওবাৰে সন্ধিয়া মুখ্যমন্ত্ৰী গৰাকীক সাক্ষাৎ কৰিছিল।
মুখ্যমন্ত্ৰীৰ সৈতে বৈঠক পাছতেই জেপিপিয়ে মিত্ৰতাৰ কথা আনুষ্ঠানিক ভাৱে প্ৰকাশ কৰে।
অৱশ্যে এই মিত্ৰতাৰ ক্ষেত্ৰত কোনো ধৰণৰ চৰ্ত নাৰাখে জেপিপিয়ে।
পৰিষদৰ মুখ্য কাৰ্যবাহীৰ দায়িত্ব বিজেপিৰ নেতাকে দিয়া হ’ব।