
নিউজ ডেস্ক। কংগ্ৰেছ ত্যাগ কৰা হাৰ্দিক পেটেলে বৃহস্পতিবাৰে বিজেপি দলত আনুষ্ঠানিকভাৱে যােগদান কৰে।
গুজৰাটৰ গান্ধীনগৰত অনুষ্ঠিত কাৰ্যসূচীত ৰাজ্যিক বিজেপিৰ সভাপতি চিআৰ পাটিলে তেওঁক দললৈ আদৰণি জনায়।
ইয়াৰ পূৰ্বে ৰাতিপুৱা তেওঁ পূজাৰ মাংগলিক কাৰ্যৰ আয়োজন কৰাৰ লগতে টুইটাৰত জনায়, “মই ৰাষ্ট্ৰীয় স্বাৰ্থ, আঞ্চলিক স্বাৰ্থ আৰু সামাজিক স্বাৰ্থৰ অনুভূতিৰে এটা নতুন অধ্যায় আৰম্ভ কৰিবলৈ ওলাইছো। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ৰাষ্ট্ৰীয় সেৱাৰ বৃহৎ কামত মই এজন সৰু সৈনিক হিচাপে কাম কৰিম”।
आज भारतीय जनता पार्टी में शामिल होने से पहले मेरे निवास पर दुर्गा पाठ कर ब्रह्मदेव के आशीर्वाद लिए, उसके बाद SGVP गुरुकुल में संतो की उपस्थिति में राम, श्याम और घनश्याम के दर्शन कर गौ पूजन किया। प्रभु श्री राम आप सबको तंदुरुस्त रखे एवं गुजरात को अनेक समृद्धि दें। pic.twitter.com/1E4uFOVml6
— Hardik Patel (@HardikPatel_) June 2, 2022
উল্লেখ্য যে ২৮ বছৰীয়া গুজৰাটৰ নেতাজনে ২০১৯ চনত কংগ্ৰেছত যোগদান কৰিছিল। তেওঁ যোৱা মাহত ছোনিয়া গান্ধীলৈ পদত্যাগ পত্ৰ প্ৰেৰণ কৰিছিল।
राष्ट्रहित, प्रदेशहित, जनहित एवं समाज हित की भावनाओं के साथ आज से नए अध्याय का प्रारंभ करने जा रहा हूँ। भारत के यशस्वी प्रधानमंत्री श्री नरेन्द्र भाई मोदी जी के नेतृत्व में चल रहे राष्ट्र सेवा के भगीरथ कार्य में छोटा सा सिपाही बनकर काम करूँगा।
— Hardik Patel (@HardikPatel_) June 2, 2022
পত্ৰখনত তেওঁ দলৰ হাইকামাণ্ডক লক্ষ্য কৰাৰ লগতে কংগ্ৰেছত তিনি বছৰ “অপচয়” কৰা বুলি উল্লেখ কৰিছিল।
পূৰ্বতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মােদীক চােকা সমালােচনা কৰিছিল হাৰ্দিক পেটেলে।
હાર્દિક પટેલના કોંગ્રેસ પર પ્રહાર#HardikPatel #BJP #Congress #GujaratFirst #BreakingNews pic.twitter.com/Rcc41aOYUz
— Gujarat First (@GujaratFirst) June 2, 2022
উল্লেখ্য যে বিগত দিনবোৰত হাৰ্দিক পেটেলে অস্বীকাৰ কৰি আহিছিল যে তেওঁ বিজেপিত যোগদান কৰিব।
হাৰ্দিক পেটেলে সাংবাদিকৰ আগত পূৰ্বে কৈছিল, “মই এতিয়ালৈকে বিজেপিত নাই আৰু যাবলৈ কোনো সিদ্ধান্ত লোৱা নাই”।
অবশেষত, তেওঁৰ বিজেপিত যোগদানৰ সিদ্ধান্ত টুইটাৰ যোগে ৰাজহুৱা কৰে।