বিজেপিক ধৰাশায়ী কৰি ভবানীপুৰৰ উপ-নিৰ্বাচনত মমতা বেনাৰ্জীৰ বৃহৎ জয়…

পশ্চিমবংগৰ ভবানীপুৰ বিধানসভা সমষ্টিৰ উপ–নিৰ্বাচনত বৃহৎ জয় মমতা বেনাৰ্জীৰ।

পূৰ্বৰ বিজয়ৰ সকলো অভিলেষ ভংগ কৰি মমতা বেনাৰ্জীয়ে ৫৮,৮৩২ টা ভোটৰ ব্যাৱধানত বিজয়ী সাব্যস্ত কৰে।

মমতা বেনাৰ্জীয়ে বিজেপিৰ প্ৰতিদ্বন্দ্বী প্ৰাৰ্থী প্ৰিয়ংকা তিব্ৰেৱালক পৰাস্ত কৰে।

পশ্চিমবংগত তিনিটা সমষ্টিত অনুষ্ঠিত হোৱা উপ-নিৰ্বাচনত আটাইকেইটা সমষ্টিতে তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থীয়ে বিজয় সাব্যস্ত কৰে।

২০২১ চনৰ বিধানসভা নিৰ্বাচনত তৃণমূল প্ৰাৰ্থী শোভনদেব চট্টোপাধ্যায়ে বিজেপি প্ৰাৰ্থী ৰুদ্ৰনীল ঘোষক ২৮,৭১৯টা ভোটত পৰাজিত কৰিছিল।

কিন্তু এইবাৰ মমতাই ৫৮৮৩২টা ভোটৰ ব্যৱধানত জয়ী হৈ অভিলেখ গঢ়ে।

মমতা বেনাৰ্জীয়ে উপ-নিৰ্বাচনত মুঠ ৮৪,৭০৯টা ভোট লাভ কৰে, বিজেপি প্ৰাৰ্থী প্ৰিয়ংকা টিব্ৰাৱালে ২৬,৩২০টা ভোট লাভ কৰে।

আনহাতে, চিপিআইএমৰ প্ৰাৰ্থী শ্ৰীজীব বিশ্বাসে লাভ কৰে ৪২০১টা  ভোট।

উল্লেখ্য, বিধানসভা নিৰ্বাচনত বেনাৰ্জীয়ে নন্দীগ্ৰাম আসন হেৰুওৱাৰ পিছত শোভনদেব চট্টোপাধ্যায়ে ভৱানীপুৰ আসন খালী কৰি দিয়ে যাতে বেনাৰ্জীয়ে আসনখনৰ পৰা জয়ী হৈ বিধানসভালৈ উভতি আহিব পাৰে।

Leave a Comment