বিকানেৰ এক্সপ্ৰেছ দুৰ্ঘটনাঃ কৰুণ মৃত্যুক সাৱটি লোৱা ৯ জনৰ দুজন অসমৰ, নাম প্ৰকাশ…

মাঘৰ বিহুৰ উৰুকাৰ দিনা পশ্চিমবংগৰ জলপাইগুড়িত দুৰ্ঘটনাগ্ৰস্ত হয় গুৱাহাটী অভিমুখী ৰে’ল।

১২টাকৈ ডবা লাইনচ্যুত হৈছিল গুৱাহাটী-বিকানেৰ এক্সপ্ৰেছৰ। সেই ডবাকেইটাত আছিল সৰ্বমুঠ ৫৭৭ গৰাকী যাত্ৰী।

ৰে’লখনত অসমৰ প্ৰায় ২৯০গৰাকী যাত্ৰী আছিল।

এই যাত্ৰীসকলক বিশেষ ৰে’ল যোগে গুৱাহাটী ৰেলৱে ষ্টেচনলৈ লৈ অনা হৈছে।

আনকি যাত্ৰীসকলৰ ষ্টেচনৰ পৰা বিশেষ বাছেৰে ঘৰলৈ প্ৰেৰণৰ ব্যৱস্থা কৰিছে ৰাজ্য চৰকাৰে। পৰিবহন বিভাগৰ তদাৰকত প্ৰেৰণ কৰা হ’ব যাত্ৰীসকলক।

এই ভয়ংকৰ ৰে’ল দুৰ্ঘটনাটোত এই পৰ্যন্ত ৯ জনকৈ লোক নিহত হোৱা বুলি জানিব পৰা গৈছে।

মৃত লোক কেইজনৰ ভিতৰত অসমৰ দুজন লোক আছে।

শেহতীয়কৈ প্ৰকাশ পোৱা তথ্য অনুসৰি ৰে’ল দুৰ্ঘটনাটোত মৃত্যু হোৱা অসমৰ দুগৰাকীক ক্ৰমে ১২ বছৰীয়া কিশোৰী চাধি খাতুন আৰু আনগৰাকী গুৱাহাটীৰ ৬৮ বছৰীয়া শান্তা দেৱী বুলি চিনাক্ত কৰা হৈছে।

ইতিমধ্যে নিহত সকলক পাঁচ লাখ আৰু আহত সকলক ২ লাখকৈ আৰ্থিক সাহায্য প্ৰদান কৰিব বুলি ঘোষণা কৰিছে কেন্দ্ৰীয় চৰকাৰে।

এই দুৰ্ঘটনাটোত ৯ গৰাকী লোক মৃত্যু হোৱাৰ উপৰি ৩৬ গৰাকী গুৰুতৰভাৱে আহত হৈছে।

Leave a Comment