বিকানেৰ এক্সপ্ৰেছ দুৰ্ঘটনাঃ বিশেষ ৰে’লেৰে অসমলৈ অনা হ’ল ২৯০ যাত্ৰী…

গুৱাহাটী অভিমুখী বিকানেৰ এক্সপ্ৰেছ লাইনচ্যুত হোৱাৰ পিছত বৰ্তমানেও অব্যাহত আছে উদ্ধাৰ অভিযান।

বহু গুৰুতৰভাৱে আহত লোক হাস্পতালত ভৰ্তি।

আনহাতে বৰ্তমানলৈ মৃতকৰ সংখ্যা সঠিকভাৱে জানিব পৰা হোৱা নাই যদিও ৮ জন লোকৰ মৃত্যু হোৱা বুলি প্ৰকাশ।

নিউ জলপাইগুৰিত সংঘটিত ৰে’ল দুৰ্ঘটনাস্থলীত নিশাই উপস্থিত হয় অসম আৰক্ষীৰ দল।

বিশেষ ৰে’লেৰে গুৱাহাটীলৈ অনা হৈছে অসমৰ ২৯০ জনকৈ যাত্ৰীক।

আনহাতে অসমত আহি পোৱা বিশেষ ৰেলৰ বহু যাত্ৰী নিজ নিজ গন্তব্য স্থানত নামিছে।

ইয়াৰ উপৰিও গুৱাহাটীলৈ আহিব লগীয়া লোক সকলক গুৱাহাটীৰ পৰা বাছেৰে ঘৰলৈ প্ৰেৰণৰ ব্যৱস্থা কৰিছে ৰাজ্য চৰকাৰে।

ইতিমধ্যে গুৱাহাটী ৰে’লৱে ষ্টেচনত সাজু কৰা হৈছে ASTC ৰ ৭খনকৈ বাছ।

অসম আৰক্ষীয়ে গুৱাহাটীত এই আহত লোকসকলক চিকিৎসাৰ ব্যৱস্থা কৰা হ’ব।

বৃহস্পতিবাৰে লাইনচ্যুত হৈছিল প্ৰায় ১০ টা ডবা।

গুৱাহাটী অভিমুখী ৰে’লখন সন্ধিয়া প্ৰায় ৫ বজাত সংঘটিত হৈছিল এই দুৰ্ঘটনা।

Leave a Comment