Fri. Jan 15th, 2021

নিউজ ডেস্ক। এক কৰুণ ঘটনা। চলন্ত গাড়ীৰ ইঞ্জিনৰ বিজুতিৰ বাবে গাড়ীত অগ্নিকাণ্ডৰ ঘটনাত অগ্নিদগ্ধ হৈ মৃত্যু হয় নৱ বিবাহিতাৰ। এই শোকাৱহ ঘটনাটো শুকুৰ বাৰে সংঘটিত হৈছে লক্ষ্ণৌ-আগ্ৰা এক্সপ্ৰেছ হাইৱেত।

ঘটনা অনুসৰি, লক্ষ্ণৌৰ মোহনলালগঞ্জৰ বিকাশ যাদৱ আৰু কৃষ্ণ নগৰৰ ৰীমা যোৱা ডিচেম্বৰৰ ২ তাৰিখে আবদ্ধ হৈছিল বিবাহ পাশত। বিবাহৰ পিছত যোৱা বুধবাৰে দুয়ো গৈছিল মথুৰা আৰু বৃন্দাবন দৰ্শনৰ উদ্দেশ্যে।

নিশাটো দুয়ো কটাইছিল মথুৰাতে। বৃহস্পতিবাৰে নিশা দুয়ো ঘূৰি আহে। ওভতনি পথত প্ৰায় ৩০ কিমি অহাৰ পিছত বিকাশে দেখে গাড়ীৰ আগফালে ইঞ্জিনৰ পৰা ধোঁৱা ওলাবলৈ আৰম্ভ কৰিছে। ঘটনাটো নিশা প্ৰায় ২:৩০ মান বজাৰ কথা।

তাকে দেখি বিকাশে গাড়ী ৰখাই নামি গৈ গাড়ীৰ বনেটখন খোলে। বনেটখন খোলাৰ লগে লগেই বিকাশে গাড়ীখনৰ ইঞ্জিনটো জ্বলি উঠা দেখা পায়। সেই জুই কেবিনলৈ বিয়পি পৰে। পত্নী ৰীমা তেতিয়া গাড়ীৰ ভিতৰতে আছিল।

ৰীমাই ওলাই আহিবলৈ বিচাৰিছিল যদিও গাড়ীৰ চেন্ট্ৰেল লকিং ব্যৱস্থাৰ বাবে ওলাই আহিবলৈ নোৱাৰিলে। স্বামী বিকাশেও ৰীমাক উদ্ধাৰ কৰিব বিচাৰিছিল যদিও গাড়ীখন চেণ্ট্ৰেল লকিং হৈ থকাৰ বাবে গাড়ীৰ দৰ্জা খুলিব নোৱাৰি উদ্ধাৰ কৰিব নোৱাৰিলে পত্নীক। পত্নীক উদ্ধাৰৰ চেষ্টা কৰি বিকাশে নিজেও আংশিকভাৱে অগ্নিদগ্ধ হল।

বিকাশে আৰক্ষীক খবৰ দিলে। আৰক্ষীয়ে আহি অগ্নি নিৰ্বাপক বাহিনীক খবৰ দিছিল যদিও তেতিয়ালৈ বহু পলম হল। অগ্নিদগ্ধ হৈ ৰীমা জীৱন্তে মৃত্যু হ’ল।
শুকুৰবাৰে ৰীমাৰ পৰিয়ালৰ লোক ফাতেহপুৰ আৰক্ষী চকীত উপস্থিত হৈ ৰীমাৰ ক্ষত-বিক্ষত মৃতদেহ দেখি শোকত ভাগি পৰে।

আৰক্ষীয়ে এই ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে।