বিকট শব্দৰে ৰাজপথত সন্ত্ৰাস! ৰোড ৰোলাৰেৰে আৰক্ষীয়ে নষ্ট কৰিলে ৪১৯টা ম’ডিফাইড চাইলেন্সাৰ…

নিউজ ডেস্কঃ বাইকত ম’ডিফাইড চাইলেন্সাৰ লগাই বিকট শব্দেৰে শব্দ প্ৰদূষণ সৃষ্টি কৰা বাইক আৰোহীক নাকী লগাবলৈ দেশৰ বিভিন্ন প্ৰান্তত তৎপৰ হৈ পৰিছে আৰক্ষী-প্ৰশাসনে।

ইয়াৰে অংশস্বৰূপে শনিবাৰে ডেৰাডুনৰ ৰাজপথত ৰোড ৰোলাৰেৰে ধ্বংস কৰি পেলাৱো হ’ল ৪১৯টা ম’ডিফাইড চাইলেন্সাৰ।

ডেৰাডুনৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষকৰ নিৰ্দেশনাত আৰু ডেৰাডুনৰ আৰক্ষী অধীক্ষকৰ তত্বাৱধানত যান-বাহন আইন উলংঘা কৰাৰ অভিযোগত নষ্ট কৰা হয় প্ৰায় ৩৬ লাখ টকা মূল্যৰ ম’ডিফাইড চাইলেন্সাৰসমূহ।

image 186
বিকট শব্দৰে ৰাজপথত সন্ত্ৰাস! ৰোড ৰোলাৰেৰে আৰক্ষীয়ে নষ্ট কৰিলে ৪১৯টা ম’ডিফাইড চাইলেন্সাৰ… 3

ডেৰাডুন আৰক্ষীয়ে জানিবলৈ দিয়া মতে, এনে চাইলেন্সাৰ লগাই শব্দ প্ৰদূষণৰ সৃষ্টি কৰা ৯০০ বাহন চালকৰ বিৰুদ্ধেও ৰুজু কৰা হৈছে গোচৰ।

তদুপৰি ৬০০ খন দুচকীয়া বাহনো জব্দ কৰিছে আৰক্ষীয়ে।

image 187
বিকট শব্দৰে ৰাজপথত সন্ত্ৰাস! ৰোড ৰোলাৰেৰে আৰক্ষীয়ে নষ্ট কৰিলে ৪১৯টা ম’ডিফাইড চাইলেন্সাৰ… 4

অন্যহাতে এনে ম’ডিফাইড চাইলেন্সাৰ বিক্ৰী কৰা দোকানৰ বিৰুদ্ধেও ভাৰতীয় দণ্ডবিধিৰ অধীনত ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি সকিয়নী প্ৰদান কৰিছে ডেৰাডুন আৰক্ষীয়ে।