বায়ুসেনাৰ মিগ-২১ বিমান দুৰ্ঘটনা, পাইলটৰ মৃত্যু

পুনৰ দুৰ্ঘটনাত পতিত হ’ল ভাৰতীয় বায়ু সেনাৰ আন এখন মিগ-২১ যুদ্ধ বিমান।

শুকুৰবাৰে সন্ধিয়া ৰাজস্থানৰ জয়চলমেৰ অঞ্চলত সংঘটিত এই দুৰ্ঘটনাত শ্বহীদ হ’ল এজন পাইলট।

সন্ধিয়া প্ৰায় ৮.৩০ বজাত ভাৰত-পাকিস্তান সীমান্তৰ ওচৰৰ সুদাচিৰি গাঁৱৰ ওচৰত মিগ-২১ দুৰ্ঘটনাগ্ৰস্ত হয়।

প্ৰত্যক্ষদৰ্শীৰ মতে বিমানখন আকাশ মাৰ্গতে জ্বলি উঠিছিল আৰু প্ৰচণ্ড বিস্ফোৰণৰ শব্দৰে দুৰ্ঘটনাগ্ৰস্ত হৈছিল।

এই দুৰ্ঘটনাত ফলত যুঁজাৰু বিমানখনৰ ধ্বংসাৱশেষ এক কিলোমিটাৰ এলেকাত বিয়পি পৰে।

উইং কামাণ্ডাৰ হৰ্ষিত সিনহা নামৰ পাইলটজনে বিমানখনৰ পৰা ওলাই প্ৰাণৰক্ষা কৰিব নােৱাৰিলে।

ভাৰতীয় বায়ু সেনাই দুৰ্ঘটনাটোৰ প্ৰকৃত কাৰণ উদঘাটন কৰিবলৈ তদন্তৰ নিৰ্দেশ দিছে।

Leave a Comment