বাসগৃহত স্থাপন কৰা অবৈধ আতচবাজী কাৰখানাৰ বিস্ফোৰণ, নিহত ২ শিশু

নিউজ ডেস্ক। বাসগৃহতে অবৈধভাৱে স্থাপন কৰা আতচবাজী প্ৰস্তুত কাৰখানাত ভয়ংকৰ বিস্ফোৰণ।

বিস্ফোৰণত ঘটনাস্থলীত উপস্থিত থকা চাৰি শিশুৰ থিতাতে নিহত হয় দুটা, তাৰ বিপৰীতে গুৰুতৰভাৱে দগ্ধ হোৱা দুটা শিশুক সংকটজনক অৱস্থাত ভৰ্তি কৰোৱা হয় চিকিৎসালয়ত।

এই ঘটনা দেওবাৰে সংঘটিত হয় পাঞ্জাৱৰ ৰাজপুৰাৰ ওচৰৰ জাণ্ডোলী ৰোড গাঁৱত।

বাতৰি অনুসৰি, জাণ্ডোলি ৰোড গাঁৱৰ কৃষ্ণ কুমাৰ নামৰ এজন ব্যক্তিৰ সন্তানে ফটকা প্ৰস্তুত কৰোতে বিস্ফোৰণ সংঘটিত হৈছিল। সেই সময়ত ঘৰটোৰ গৰাকী কৃষ্ণ কুমাৰ দিহাৰীলৈ গৈছিল আৰু তেওঁৰ পত্নীও ঘৰৰ বাহিৰত আছিল।

এনেদৰে ঘৰৰ এটা কোঠাত তেওঁৰ জীয়েক মনপ্ৰীত ওৰফে ৰূপা (১১) আৰু পুত্ৰ গুৰপ্ৰীতে ফটকা প্ৰস্তুত কৰি আছিল। তেওঁলোকৰ লগত আছিল চুবুৰীয়া আন দুটি শিশু কৃষ্ণ (৬) আৰু পল্লৱী (৮)।

punjab-1631362658

বিস্ফোৰণটোত ঘৰটোৰ দেৱাল ভাঙি পৰিছিল। পিছত ধ্বংসাৱশেষৰ তলত পুত খাই থকা শিশুসকলক ওচৰৰ লোকসকলে ঘটনাস্থলীত উপস্থিত হৈ উলিয়াই আনিছিল। দুৰ্ঘটনাটোত মনপ্ৰীত ওৰফে ৰূপা আৰু গুৰপ্ৰীতৰ ঘটনাস্থলীত মৃত্যু হয়।

আনহাতে আন দুজনক সংকটজনক অৱস্থাত পাটিয়ালাৰ ৰজিন্দ্ৰ চিকিৎসালয়লৈ লৈ যোৱা হয়।

11-09-2021-patiala-news-22010568-163112568

ঘটনা সংঘটিত হোৱাৰ পিছতেই ঘটনাস্থলীত পাটিয়ালাৰ উপায়ুক্ত কুমাৰ অমিত, জ্যেষ্ঠ আৰক্ষী অধীক্ষক ড. সন্দীপ গাৰ্গ, অতিৰিক্ত উপায়ুক্ত খুছদিল সিং, উপ আৰক্ষী অধীক্ষক গুৰবানছ সিং বেইন্স, খণ্ড উন্নয়ন বিষয়া ৰমনদীপ কৌৰ, চিটি আৰক্ষী থানাৰ পৰিদৰ্শক গুৰপ্ৰতাপ সিং, ফৰেনচিক দলৰ ভাৰপ্ৰাপ্ত পৰিদৰ্শক ৰমলা দেৱী উপস্থিত হয় আৰু ঘটনাৰ বুজ লয়।

বিষয়াসকলৰ মতে বিস্ফোৰণটো আতচবাজী বনোৱাৰ সময়ত ব্যৱহৃত সামগ্ৰীৰ বাবে সংঘটিত হৈছিল। এই ঘটনাৰ তদন্ত বৰ্তমানেও চলি আছে।

Leave a Comment