fbpx
অসম

বাল্য বিবাহৰ বিৰুদ্ধে চৰকাৰে হাতত লোৱা ব্যৱস্থা অবৈধঃ অখিল গগৈ…

মুখ্যমন্ত্ৰীৰ নিৰ্দশেৰ পিছতে ৰাজ্যত বাল্যবিবাহৰ বিৰুদ্ধে চলিছে আৰক্ষীৰ জোৰদাৰ অভিযান।

ইতিমধ্যেই আঢ়ৈহাজাৰৰো অধিক লোকক গ্ৰেপ্তাৰ কৰিছে অসম আৰক্ষীয়ে।

 ইয়াৰ মাজতে এই সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰে কৃষক নেতা অখিল গগৈয়ে।

গগৈয়ে কয়- বাল্য বিবাহ সমৰ্থন নকৰো যদিও অসম চৰকাৰে বাল্য বিবাহৰ বিৰুদ্ধে যি ব্যৱস্থা গ্ৰহণ কৰিছে সেয়াও সমৰ্থনযোগ্য নহয়। বাল্য বিবাহৰ বিৰুদ্ধে যি ব্যৱস্থা গ্ৰহণ কৰিছে সি নিজেই এই অবৈধ ব্যৱস্থা।

লগতে তেওঁ কৈছে- আইনত স্পষ্টকৈ কোৱা হৈছে যে, বাল্য বিবাহ কৰা দুবছৰ ভিতৰত ব্যৱস্থা গ্ৰহণ কৰিব লাগে অন্যথা সেই বিবাহখন নিয়মীয়া হৈ যায়। চৰকাৰে বাল্য বিবাহ কৰা মানুহৰ বিৰুদ্ধে গোচৰ তৰিছে যদিও তেওলোকে জামিন লাভ কৰিছে। বাল্য বিবাহ কৰা মানুহে জামিন নাপায়।

লগতে তেওঁ কয় যে, এইয়া কেৱল চমকহে।বিজেপি চৰকাৰে শেহতীয়া সকলো কাৰ্যক কেৱল এটা নিদিষ্ট ধৰ্মৰ ওপৰত আক্ৰমণ কৰিবৰ বাবে সকলো কৰি আছে।

Related Articles

Back to top button

Adblock Detected

Please deactivate AdBlocker to support us!