বাল্য বিবাহৰ বিৰুদ্ধে কঠোৰ ৰাজ্য চৰকৰা! ৰাজ্যজুৰি ৪০০৪ টা গোচৰ পঞ্জীয়ন, শুক্ৰবাৰে লোৱা হ’ব ব্যৱস্থা

বাল্য বিবাহ ৰোধ কৰিবলৈ কঠোৰ হৈছে ৰাজ্য চৰকাৰ।
মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই শেহতীয়াকৈ কঠোৰ পদক্ষেপ গ্ৰহণ কৰাৰ কথা ঘোষণা কৰিছিল।
তাৰ মাজতে আজি টুইটাৰ হেণ্ডেলৰ জৰিয়তে কোন জিলাত কিমান অবৈধ স্বামীক গ্ৰেপ্তাৰ কৰা হ’ব তাৰ এখন তালিকা প্ৰকাশ কৰিছে।
Assam Govt is firm in its resolve to end the menace of child marriage in the state.
— Himanta Biswa Sarma (@himantabiswa) February 2, 2023
So far @assampolice has registered 4,004 cases across the state and more police action is likely in days ahead. Action on the cases will begin starting February 3. I request all to cooperate. pic.twitter.com/JH2GTVLhKJ
মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰা তালিকা অনুসৰি, ৰাজ্যৰ আৰক্ষী থানাসমূহত ৪ হাজাৰৰো অধিক বাল্য বিবাহৰ গোচৰ পঞ্জীয়ন হৈ আছে।
এই গোচৰৰ বিৰুদ্ধে ৩ ফেব্ৰুৱাৰী, শুকুৰবাৰৰ পৰা অসম আৰক্ষীয়ে ব্যৱস্থা গ্ৰহণ কৰিব।
উল্লেখ্য যে, মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই টুইটাৰ হেণ্ডেলত উল্লেখ কৰা অনুসৰি ৰাজ্যৰ ৩৬ খন জিলাত ৪০০৪ টা তেনে গোচৰ ৰুজু হৈ আছে।

ইয়াৰ ভিতৰত সৰ্বাধিক গোচৰ ৰুজু হৈ আছে ধুবুৰীত।
জিলাখনত মুঠ ৩৭০ টা বাল্য বিবাহৰ গোচৰ ৰুজু হৈ আছে।
আনহাতে দ্বিতীয় স্থানত আছে হোজাই জিলা।

জিলাখনত আছে বাল্য বিবাহৰ ২৫৫ টা গোচৰ।
একেদৰে ২৩৫ টা গোচৰৰ সৈতে তৃতীয় স্থানত আছে ওদালগুৰি, ২২৪ টা গোচৰৰ সৈতে মৰিগাওঁ আছে চতুৰ্থ স্থানত আৰু ২০৪ টা গোচৰৰ সৈতে কোকৰাঝাৰ আছে পঞ্চম স্থানত।
আনহাতে মাত্ৰ ১ টা গোচৰৰ সৈতে হাইলাকান্দি জিলা আছে এই তালিকাৰ সকলোতকৈ তলত।